নগাঁও:চৌদিশে ভোগালীৰ ব্যাপক উচাহ । ভোগালী বুলি ক'লেই বিশেষভাৱে যেন চৰ্চিত নগাঁও । নগাঁৱৰ নেহেৰুবালিত আয়োজিত ভোগালী মেলাই পূৰ্বৰে পৰা এক সুকীয়া স্থান দখল কৰি আহিছে । এইবাৰ নেহেৰুবালি ভোগালী মেলাই ভৰি দিলে ১১৩ বৰ্ষত ।
সোমবাৰৰ পৰা আৰম্ভ হোৱা ১১৩ সংখ্যক ভোগালী মেলা উপলক্ষে বুধবাৰে উলিওৱা হয় এক বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা । মুঠ ৪৮ টাকৈ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰা সাংস্কৃতিক শোভাযাত্ৰা বুধবাৰে নেহৰুবালিত শুভাৰম্ভ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ।
গায়ন-বায়নৰ পৰা তিৱা, গোর্খা আদি বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলৰ প্ৰদৰ্শনৰ লগতে জিকিৰ-জাৰি প্ৰদৰ্শন কৰা সাংস্কৃতিক শোভাযাত্ৰা নেহৰুবালিৰ পৰা আৰম্ভ কৰি নগাঁও চহৰৰ মাজেৰে আহি পুনৰ নেহেৰুবালিত অন্ত পৰে । যাৰ ফলত সমগ্ৰ চহৰখনত বিৰাজ কৰে এক উদুলি-মুদুলি পৰিৱেশ ।
ইফালে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বিহুৱা শিল্পী কৃষ্ণমণি নাথ, বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ কে কে খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মা, মোহন খ্যাত অভিনেতা দ্বীপজ্যোতি কেওট, অভিনেতা নয়ন নিৰ্বান, অভিনেত্ৰী শিল্পীশিখাসহ বহুকেইগৰাকী শিল্পীয়ে ।