অসম

assam

ETV Bharat / state

আজি পবিত্ৰ মহালয়া; দোলাত উঠি মৰ্ত্যলৈ আগমন দেৱী দুৰ্গাৰ - Mahalaya 2024 - MAHALAYA 2024

Mahalaya celebration in Jorhat: সংস্কৃত ভাষাত মহালয়াৰ অৰ্থ 'মহা' মানে পৰম আৰু 'লয়া' মানে বিলীন । পবিত্ৰ মহালয়াৰ পৰাই দেৱীপক্ষ আৰম্ভ হয় । পবিত্ৰ মহালয়াত যোৰহাটত জনসমুদ্ৰ ।

Mahalaya 2024 celebrated in Jorhat
পবিত্ৰ মহালয়াত যোৰহাটত জনসমুদ্ৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 2, 2024, 7:12 AM IST

যোৰহাট, ২ অক্টোবৰ : আজি পবিত্ৰ মহালয়া । শাৰদীয় উৎসৱৰ বতৰা লৈ দোলাত উঠি ধৰালৈ নামিল দেৱী দুৰ্গা । সমগ্ৰ ৰাজ্যৰ লগতে মহালয়া উপলক্ষে যোৰহাটতো উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । মহালয়াৰ পবিত্ৰ দিনটোত পুৱতি নিশাৰে পৰা যোৰহাটত দেখা গ'ল জনসমুদ্ৰ ।

  • যোৰহাটত জনসমুদ্ৰ

মহালয়াৰ সমান্তৰালভাৱে ৰাজ্যত আৰম্ভ হৈছে দুৰ্গাপূজাৰ উৎসৱমুখৰ পৰিৱেশ । মহালয়া বুলি ক'লে যোৰহাটত এক সুকীয়া পৰিৱেশ দেখিবলৈ পোৱা যায় । বুধবাৰে পুৱতি নিশা যোৰহাটৰ গড়আলি, এ টি ৰোড আৰু নআলি উৰণ সেতুকে ধৰি সকলোতে দেখিবলৈ পোৱা গ'ল জনসমুদ্ৰ । ডেকা-গাভৰুৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্ক প্ৰতিগৰাকী লোকে দুগুণ উৎসাহেৰে মহালয়াৰ পবিত্ৰ দিনটোত ঘৰৰ পৰা ওলাই আহিছে । সেমেকা বতৰতো ৰাইজ উছাহ উল্লেখনীয়।

দোলাত উঠি মৰ্ত্যলৈ আগমন দেৱী দুৰ্গাৰ (ETV Bharat)
  • মহালয়াৰ পৰাই আৰম্ভ দেৱীপক্ষ

উল্লেখ্য যে পবিত্ৰ মহালয়াৰ পৰাই দেৱীপক্ষ আৰম্ভ হয় । দেৱীপক্ষৰ প্ৰথম দিনটোত পবিত্ৰ ৰাতি মা দুৰ্গাক শ্ৰী শ্ৰী শৈল্য পুত্ৰী ৰূপত পূজা কৰা হয় । এনেদৰে দেৱীপক্ষৰ 9 টা দিন বা নৱৰাত্ৰিত দেৱী দুৰ্গা 9 টা ৰূপক পূজা কৰা হয় । সংস্কৃত ভাষাত মহালয়াৰ অৰ্থ হ’ল মহা মানে পৰম আৰু লয়া মানে বিলীন, আলয় মানে ঘৰ অৰ্থাৎ ঘৰত উৎসৱৰ আৰম্ভণি । মূলতঃ যি পৰম তত্বত বিলীন হৈ যায়, সেয়াই মহালয়া । সেইবাবে মহালয়াত মৃত্যু বৰণ কৰা লোকে পৰম গতি পায় বুলি বিশ্বাস কৰা হয় ।

বৈদিক শাস্ত্ৰ মতে, অমাৱস্যাৰ আছে এক বিশেষ তাৎপৰ্য । মহালয়াৰ অমাৱস্যাৰো আছে কিছু বিশেষ মহত্ব ৷ মহালয়াত অমাৱস্যাৰ দিনা পূৰ্বপুৰুষক শ্ৰদ্ধা জনাই হিন্দু শাস্ত্ৰ অনুযায়ী তৰ্পণ কৰা হয় ।

লগতে পঢ়ক:বুধবাৰে মহালয়া, এই পবিত্ৰ দিনটোত কি কি কৰিব নালাগে পলকতে জানি লওঁক - Durga Puja 2024

মহালয়া কোনদিনা পালন কৰা হ’ব ? এইবাৰ কিহত আগমন আৰু গমন কৰিব মা দুৰ্গাই ? - Mahalaya 2024

ABOUT THE AUTHOR

...view details