অসম

assam

ETV Bharat / state

পৃথিৱী বিখ্যাত ফেইল কৰিছে মুখ্যমন্ত্ৰীয়ে : ৰকিবুল হুছেইন - Assam Flood 2024

Congress MP Rakibul Hussain in Bajali : বৰপেটা জিলাত বান পৰিস্থিতি পৰিদৰ্শন কৰে ধুবুৰীৰ নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে ৷ বান সমস্যা ৰোধৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে সাংসদগৰাকৰীয়ে ৷ 26 ত দলটোক ৰাইজে বিদায় দিব বুলি ভৱিষ্যৎবাণী কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে ৷

Congress MP Rakibul Hussain criticizes Assam CM, predicts Congress victory in 2026
বজালীত সাংসদ ৰকিবুল হুছেইন (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 7:21 AM IST

বজালী, 15 জুলাই :"...ভালকৈ নপঢ়িলে ৷ ফেইল কৰিলে ৷ পৰীক্ষাৰ পাচত পঢ়ি কিবা লাভ আছে নেকি ?’’ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি এই মন্তব্য আগবঢ়ায়ধুবুৰীৰ নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে ৷

বজালীত সাংসদ ৰকিবুল হুছেইন (ETV Bharat)

উল্লেখ্য যে, আহাৰমহীয়া বানত সৰ্বস্বান্ত হৈ পৰিছে অসমবাসী ৷ সা-সম্পত্তি, জীৱন-জীৱিকাৰ বিস্তৰ ক্ষয়-ক্ষতি হোৱাৰ লগতে বৰ্তমান পৰ্যন্ত এই বানত প্ৰাণ হেৰুৱাইছে 91 জনকৈ লোকে ৷ বান হোৱাৰ পূৰ্বে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৷ এই অভিযোগ বিৰোধীৰ ৷

বিভিন্ন মন্ত্ৰী-বিধায়কৰ লগতে স্বয়ং মুখ্যমন্ত্ৰীয়েও বানে তচনচ কৰি পেলোৱাৰ পাচত ৰাজ্যৰ বিভিন্ন বানাক্ৰান্ত এলেকাত উপস্থিত হৈ বন্যাৰ্তৰ কাষত থিয় দিয়াৰ লগতে বান পৰিস্থিতি ৰোধ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছে ৷ দেওবাৰে বজালীত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীৰ এই ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে সাংসদ ৰকিবুল হুছেইনে ৷

সাংসদগৰাকীয়ে কয়, "... চোৰ গ’লে বুদ্ধি বৰষুণ গ’লে জাপি ৷ তেখেতে এতিয়া ৰাইজৰ মাজত আহিছে ৷ সেই তেতিয়াই যদি আহিলেহেঁতেন ৷ পঢ়াৰ সময়ত নপঢ়িলে এতিয়া ফেইল কৰিছে ৷"

আনহাতে, শেহতীয়া সাধাৰণ নিৰ্বাচনৰ ফলাফলৰ প্ৰসংগ তুলি হুছেইনে কয়, "...ফেইলো ফেইল পৃথিৱী বিখ্যাত ফেইল কৰিছে ৷ ৰাইজে সকলো বিষয়তে মুখ্যমন্ত্ৰীক ফেইল কৰোৱাইছে ৷ এতিয়া এইবোৰ কৰি কি লাভ ! এতিয়াতো পৰীক্ষাও নাই ৷ মুখ্যমন্ত্ৰী ব্যস্ত থাকিব লাগে পানী ক’ত হৈছে, ক’ত ড্ৰাগছ মুক্ত কৰিব লাগে আদিত ৷ এইবোৰ বাদ দি কংগ্ৰেছৰ ৰাজীৱ ভৱনত কি হৈছে এইবোৰত গুৰুত্ব দি লাভ নাই ।”

ইয়াৰ লগতে সাংসদ ৰকিবুল হুছেইনে ৰাজ্যৰ ৰাজনীতিত বহুলভাৱে চৰ্চা লাভ কৰা কংগ্ৰেছ দলত বিজেপি কৰ্মীয়ে যোগদান কৰিবলগীয়া বিষয়টো সন্দৰ্ভতো প্ৰতিক্ৰিয়া আগবঢ়াই কয়, “বহু বিধায়কে মুকলিকৈ কৈছে কংগ্ৰেছলৈ আহিব বুলি । একাংশৰ দপদপনি, একাংশৰ উৎপাতত নিষ্ঠাবান বিজেপি কৰ্মীসকল থাকিব নোৱাৰা এটা অৱস্থা হৈছে ৷ আজি সেইকাৰণেই সেইসকল লোকে বিদ্ৰোহ কৰিছে ৷ সেয়ে আপোনালোকে সেই বিদ্ৰোহৰ উকমুকনি দেখিছে ৷ 26 ত তেলেংগানা, অযোধ্যা সদৃশ এক পৰিৱেশ আমাৰ অসমতো সৃষ্টি হ’ব ।”

লগতে পঢ়ক:বৰপেটাত বান পৰিস্থিতিৰ বুজ ল'লে সাংসদ ৰকিবুল হুছেইনে - Assam Flood 2024

জন্তুৰ পৰা শিক্ষা ল'বলৈ কাক আহ্বান জনালে ৰকিবুল হুছেইন ? - Erosion in Assam

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টিত বিজেপিত সংঘাত, পদত্যাগৰ ভাবুকি - Assam BJP

দৰ্প চূৰ্ণ হ’ব নেকি নগঞা ৰাজেনৰ ? মুখ্যমন্ত্ৰীৰ কথামতেই বহিষ্কাৰ হ’ব নেকি ৰাজেন গোঁহাই ? - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details