অসম

assam

হোটেল লিলিত কংগ্ৰেছৰ প্ৰাৰ্থী পেনেল প্ৰস্তুতিৰ বৈঠক

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 7:05 PM IST

Lok Sabha election 2024: হোটেল লিলিত কংগ্ৰেছৰ বিশেষ বৈঠক ৷ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী পেনেল প্ৰস্তুতৰ বাবে আয়োজন এই বৈঠকৰ ৷ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হৈছে এই বৈঠক ৷

Lok Sabha election 2024
INDI Alliance

হোটেল লিলিত কংগ্ৰেছৰ প্ৰাৰ্থী পেনেল প্ৰস্তুতিৰ বৈঠক

গুৱাহাটী, ২৯ জানুৱাৰী: এই কেইদিন দেশৰ ৰাজনীতি গৰম কৰি ৰাখিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰে ৷ তাৰ মাজতে কাপ চাপি আহিছে লোকসভা নিৰ্বাচন ৷ তাৰিখ ঘোষণা নহ’লেও সকলো দলেই এতিয়া সাজু হৈছে লোকসভা নিৰ্বাচনৰ বাবে ৷ সোমবাৰে গুৱাহাটীৰ হোটেল লিলিত লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত সম্পৰ্কত কংগ্ৰেছৰ এক বিশেষ বৈঠক অনুষ্ঠিত হয় । কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত সম্ভাব্য প্ৰাৰ্থীৰ তালিকা সম্পৰ্কত আলোচনা কৰা হয় এই বৈঠকত ।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সভাপতিত্বত অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰা সভাত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰদ্যুৎ বৰদলৈ, আব্দুল খালেক, ৰাণী নৰহৰ লগতে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া আদি কেবাগৰাকী নেতা উপস্থিত আছিল । সভাৰ অন্তত ভূপেন বৰাই কয় যে, ১৪ টা লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ পেনেল সন্দৰ্ভত আলোচনা হয় । জিলা কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছৰ পৰা পঠোৱা প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ পেনেলসমূহ আলোচনা কৰা হৈছে ।

বৰাই লগতে কয় প্ৰায়কেইটা সমষ্টিতে তিনিজনীয়া প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পেনেল প্ৰস্তুত কৰা হৈছে । কিন্তু কেইটামান সমষ্টিত তিনিজনতকৈ বেছি প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পেনেল হৈছে । এইক্ষেত্ৰত যিকেইটা সমষ্টিত তিনিজনতকৈ বেছি প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পেনেল হৈছে সেইবোৰ তিনিজনীয়া কৰা‌ হ'ব । কাজিৰঙা আৰু নগাঁও সমষ্টিত তিনিজনীয়া প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পেনেল প্ৰস্তুত কৰা হৈছে । ‌

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ সম্ভাব্য প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰাৰ বাবে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেই এখন উচ্চস্তৰীয় কমিটী গঠন কৰিছে । দলৰ ৰাষ্ট্ৰীয় নেতা ৰাণা কে পি সিঙৰ অধ্যক্ষতাত গঠিত কমিটীত অন্য দুজন সদস্য আছে । কমিটীৰ অধ্যক্ষই দেওবাৰে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰাসকলৰ লগত সুকীয়া সুকীয়াকৈ বৈঠকত মিলিত হয় ।

জানিব পৰা মতে, টিকট বিচাৰি ৭৮ জন কংগ্ৰেছী নেতাই আবেদন কৰিছে । সেইসকলৰ লগত আলোচনা কৰি এই কমিটীয়ে সোমবাৰে অন্য এক বৈঠকত মিলিত হয় । আজি উচ্চস্তৰীয় কমিটীৰ অধ্যক্ষ আৰু সদস্য দুজনে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি, সাধাৰণ সম্পাদক, বিৰোধী দলৰ নেতা দেৱব্ৰত শ‍ইকীয়াকে ধৰি আন নেতাসকলৰ লগত সম্ভাব্য প্ৰাৰ্থীৰ তালিকা সম্পৰ্কত আলোচনা কৰে ।

সভাপতি বৰাই কয় যে বিস্তৃত আলোচনাৰ অন্তত আবেদন কৰা ৭৮ জন প্ৰাৰ্থীৰ ভিতৰত প্ৰায় ৪২ জনৰ নাম চূড়ান্ত কৰা হ'ব আৰু সেই তালিকা উচ্চস্তৰীয় কমিটীয়ে ৰাষ্ট্ৰীয় নেতৃত্বক জমা দিব । ৰাষ্ট্ৰীয় নেতৃত্বই ৪২ জনৰ ভিতৰত জয়ৰ সম্ভাৱনা থকা ১৪ জনৰ নাম ১৪ টা সমষ্টিত চূড়ান্ত কৰি প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ কথা । অৱশ্যে আপ, অসম জাতীয় পৰিষদ, তৃণমূল কংগ্ৰেছক আসন এৰি দিলে সেই কেইটা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নহয় বুলি তেওঁ জনায় ।

উল্লেখযোগ্য যে দেওবাৰে সন্ধিয়া ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আন এক বৈঠকত মিলিত হৈছিল । তিনিওজনে লোকসভা নিৰ্বাচন আৰু ৰাজ্যৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ সম্পৰ্কত আলোচনা কৰিছিল ।

লগতে পঢ়ক:গেৰুৱা হৈয়েই কংগ্ৰেছক চোকা ভাষাৰে সমালোচনা প্ৰাক্তন মন্ত্রী বিস্মিতা গগৈৰ

ABOUT THE AUTHOR

...view details