অসম

assam

ETV Bharat / state

সাংসদ হৈ কি কি কৰিব কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে ? - Lok sabha Election 2024 - LOK SABHA ELECTION 2024

Dhubri Lok Sabha constituency : গোৱালপাৰা জলেশ্বৰ পীৰ-মাজাৰ শ্বৰীফত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন । দোৱা-মেহফিলত অংশগ্ৰহণ হুছেইনৰ । সাংসদ নিৰ্বাচিত হ’লে কি কৰিব সংবাদ মাধ্যমৰ আগত ক’লে হুছেইনে...

Jaleswar Assembly constituency
জলেশ্বৰত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন (Etv bharat assam)

By ETV Bharat Assamese Team

Published : May 10, 2024, 9:05 AM IST

জলেশ্বৰত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন (Etv bharat assam)

গোৱালপাৰা, 10 মে’ :ব্যতিক্ৰমী ৰূপত ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন । ৰাজ্যত নিৰ্বাচনৰ অন্ত পৰাৰ পাচতো ভোটাৰৰ কাষত দেখিবলৈ পোৱা গৈছে ৰকিবুল হুছেইনক । বুধবাৰে ধুবুৰীৰ প্ৰাৰ্থী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতাজনে কেইবাটাও বিধানসভা সমষ্টিৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি মত বিনিময়ত ভাগ লয় ।

বুধবাৰে নেতাগৰাকীয়ে লক্ষীপুৰৰ বাবলু হোটেলত বিস্কুট আৰু চাহৰ সোৱাদ লৈ নিশাৰ ভাগত নেতাগৰাকী উপস্থিত হয় জলেশ্বৰত অৱস্থিত পীৰে কামিল হজৰত মৌলানা শ্বাহ চৈয়দ নাছিৰুদ্দিন বাগদাদী চাহাবৰ ঐতিহাসিক মাজাৰ শ্বৰিফত । মাজাৰ শ্বৰিফত উপস্থিত হৈ মাজাৰ জিয়াৰত কৰাৰ উপৰিও পীৰে কামিল চাহ চৈয়দ মজহৰ উদ্দিন আহমেদ, চৈয়দ নজিৰ উদ্দিন আহমেদ, চৈয়দ আশৰাফ উদ্দিন আহমেদৰ সৈতে এখন দোৱা মেহফিলত অংশগ্ৰহণ কৰে ।

সংবাদ মাধ্যমৰ আগত নিজৰ বিজয় নিশ্চিত বুলি দাবী কৰি নেতাগৰাকীয়ে তেওঁ বিজয়ী হ’লে প্ৰথমে সমষ্টি ভিত্তিক সমস্যাসমূহ দূৰ কৰাৰ বাবে ব্যৱস্থা হাতত ল’ব বুলি উল্লেখ কৰে । তেওঁ লগতে কয় যে যিহেতু ধুবুৰী সমষ্টিত 11 টাকৈ বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হৈ আছে ৷ গতিকে ধুবুৰী সমষ্টিৰ 11 টাকৈ বিধানসভা সমষ্টিৰ সমস্যা বেলেগ বেলেগ ধৰণৰ । ধুবুৰী লোকসভা সমষ্টিৰ প্ৰধান সমস্যা হৈছে গৰাখহনীয়া আৰু ভূমিহীন লোকৰ সমস্যা ।

এইবাৰ ধুবুৰী লোকসভা সমষ্টিৰ পৰা যদি ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে জয়লাভ কৰে, তেনেহ’লে প্ৰধানকৈ গৰাখহনীয়া আৰু ভূমিহীন লোকৰ সমস্যা এই দুটা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে জ্যেষ্ঠ কংগ্ৰেছী ৰকিবুল হুছেইনে ।

লগতে পঢ়ক:ধুবুৰীত জয়ী হ'ব কংগ্ৰেছ প্ৰাৰ্থী : মন্ত্রী ৰণজিৎ কুমাৰ দাস - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details