অসম

assam

By ETV Bharat Assamese Team

Published : May 11, 2024, 9:49 PM IST

ETV Bharat / state

অনুসূচিত জাতি ছাত্র সন্থাৰ সাধাৰণ সম্পাদকক বহিষ্কাৰক লৈ সংঘাত দুই ফৈদৰ - Conflict in AASCSU

Press Meet of AASCSU: ইতিমধ্যে বহিষ্কৃত কেন্দ্ৰীয় সভাপতি দীপাংকৰ দাসে অসাংবিধানিকভাৱে কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰশজ্যোতি দাস আৰু সাংগঠনিক সম্পাদক ক্ষীৰোদ দাসক কালি বহিষ্কাৰ কৰাৰ পিচতেই অন্তঃকলহে জটিল ৰূপ লৈছে অনুসূচিত জাতি ছাত্র সন্থাত ।

Press Meet of AASCSU
সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা (ETV BHARAT ASSAM)

সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা (ETV BHARAT ASSAM)

শিৱসাগৰ, ১১ মে’:সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অন্তঃকন্দল অব্যাহত । ইতিমধ্যে বহিষ্কৃত কেন্দ্ৰীয় সভাপতি দীপাংকৰ দাসে অসাংবিধানিকভাৱে কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰশজ্যোতি দাস আৰু সাংগঠনিক সম্পাদক ক্ষীৰোদ দাসক বৃহস্পতিবাৰে বহিষ্কাৰ কৰাৰ পিচতেই আজি এই কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈছে সংগঠনটোৰ একাংশ নেতা । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজি শিৱসাগৰত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই আয়োজন কৰিলে এক সংবাদমেল । এই সংবাদমেলত কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰশজ্যোতি দাসে ইতিমধ্যে বহিষ্কৃত কেন্দ্ৰীয় সভাপতি দীপাংকৰ দাসৰ বিৰুদ্ধে উত্থাপন কৰিলে কেতবোৰ বিস্ফোৰক মন্তব্য় ।

কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰশজ্যোতি দাসে কয় যে ১০ মে'ত দীপাংকৰ দাসে গুৱাহাটীত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে দুই কেন্দ্ৰীয় নেতাক বহিষ্কাৰ কৰে । পৰশজ্যোতি দাসে কয়," দীপাংকৰ দাস বৰ্তমান অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি নহয় ।" দীপাংকৰ দাসক বিজেপি দলৰ এজন দালাল আখ্যা দি তেওঁৰ বৰ্ধিত কাৰ্যনিৰ্বাহক অবৈধ বুলি কয় । বিগত লোকসভা নিৰ্বাচনত দীপাংক দাসৰ নেতৃত্বত মন্ত্ৰী পীযুষ হাজৰীকাৰ ভাতৃ নৃসিংহ হাজৰিকাৰ লগত শিৱসাগৰ জিলা সমিতি সভাপতি বিদ্যুৎ দাস আৰু সাধাৰণ সম্পাদক মৃদুল দাসে শিৱসাগৰৰ বিভিন্ন অনুসূচিত জাতিৰ গাঁৱত বিজেপিৰ হৈ প্ৰচাৰ চলোৱাৰ অভিযোগ তথ্যসহ দাঙি ধৰে পৰশজ্যোতি দাসে ।

দীপাংকৰ দাসে সংগঠনটোক বিজেপিকৰণ কৰাক লৈ পৰশজ্যোতি দাসে কৰা অভিযোগ আৰু এনে কৰ্ম-কাণ্ডকলৈ কৰা বিৰোধৰ বাবে বহু হেঁচাৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰে পৰশজ্যোতি দাসে । কেন্দ্ৰীয় সমিতিৰ গৰিষ্ঠ সংখ্যক বিষয়ববীয়াৰ অজ্ঞাতে দীপাংকৰ দাসে বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ আয়োজন কৰিলে তাকলৈও প্ৰশ্ন উত্থাপন কৰি পৰশজ্যোতি দাসে কয়," কেনেকৈ অবৈধ কাৰ্যনিৰ্বাহক সভা আয়োজন কৰিলে দীপাংকৰ দাসে ।" তেওঁ এই অবৈধ সভা আয়োজন কৰাৰ বাবে গৰিহণা দিয়াৰ লগতে আইনৰ সহায় লোৱাৰো হুংকাৰ দিয়ে ।

অহা ১৯ মে'ত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত পাখি কটাৰ ভয়তে ততাতয়াকৈ এখন অবৈধ কাৰ্যনিৰ্বাহক সভা আয়োজন কৰিছিল দীপাংকৰ দাসে । সেয়েহে এই সভাৰ সিদ্ধান্ত তথা সভাখন অবৈধ বুলি আখ্যা দিয়ে পৰশজ্যোতি দাসে । সংবাদমেল আয়োজন কৰি দীপাংকৰ দাসে সামাজিকভাৱে হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিলে তাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰাৰ হুংকাৰ দিয়ে পৰশজ্যোতি দাসে । আনহাতে, শিৱসাগৰ জিলা সমিতিখনিৰ সভাপতি আৰু সম্পাদকে বিজেপিৰ হৈ প্ৰচাৰ চলোৱাৰ অভিযোগত শিৱসাগৰ জিলা সমিতিখন ভংগ কৰিছিল সংগঠটোৱে ।

লগতে পঢ়ক:পংখী সন্দিকৈৰ মৃত্য়ু সন্দৰ্ভত সুশান্ত বৰগোহাঁইয়ে কৰা মন্তব্য়ত উভতি ধৰিলে আটাছুৱে - Mysterious Death Of Pankhi Handique

Scheduled Caste Student Union: অনুসূচিত জাতিক চৰকাৰে চৰম প্ৰবঞ্চনা কৰি আহিছে

ABOUT THE AUTHOR

...view details