অসম

assam

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 8:59 PM IST

ETV Bharat / state

তিনিচুকীয়াৰ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকসহ ৩ গৰাকী বিষয়ালৈ মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী বঁটা - Karmashree Award

Karmashree Award : মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী বঁটাৰ বাবে নিৰ্বাচিত হৈছে তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নীল পাল, জিলা আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপ আৰু ডিগবৈৰ সংমাণ্ডলিক বন বিষয়া টি চি ৰণজিথ ৰাম ৷ 2023-24 বৰ্ষত ৰাজ্য প্ৰশাসনত দেখুওৱা উৎকৃষ্টতাৰ স্বীকৃতি স্বৰূপে তেওঁলোকক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷

Karmashree Award
জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকসহ ৩ গৰাকী বিষয়ালৈ কৰ্মশ্ৰী বঁটা (ETV Bharat Assam)

তিনিচুকীয়া, 4 আগষ্ট : তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নীল পাল, জিলা আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপ আৰু ডিগবৈৰ সংমাণ্ডলিক বন বিষয়া টি চি ৰঞ্জিত ৰাম ৰাজ্য প্ৰশাসনৰ আটাইতকৈ সন্মানীয় মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী বঁটাৰ বাবে নিৰ্বাচিত হৈছে ৷ আজি ৰাজ্য চৰকাৰে ঘোষণা কৰা অনুসৰি সোমবাৰে অনুষ্ঠিত হ’বলগীয়া লোক কল্যাণ দিৱসৰ দিনাই তেওঁলোকক এই বঁটা গুৱাহাটীত প্ৰদান কৰা হ'ব ৷ তিনিচুকীয়া জিলাত কৰ্মৰত এই বিষয়া কেইগৰাকীয়ে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত লাইকা বনগাঁৱৰ বাসিন্দা সকলক নামফাই সংৰক্ষিত বনাঞ্চললৈ স্থানান্তৰিত কৰাত দেখুওৱা সফলতা, দৃঢ়তা আৰু বুদ্ধিমত্তাৰ বাবে এই বঁটাৰ বাবে বাছনি কৰা হৈছে ৷

2023-24 বৰ্ষত ৰাজ্য প্ৰশাসনত দেখুওৱা উৎকৃষ্টতাৰ স্বীকৃতি স্বৰূপে তেওঁলোকক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷ প্ৰতি বছৰে প্ৰশাসনিক বিষয়া সকলক প্ৰদান কৰা এই বঁটাৰ বাবদ এইবাৰ পুৰস্কাৰ হিচাপে এটা ট্ৰফীৰ লগতে এক লাখ টকা প্ৰদান কৰা হ'ব, যি ধন অৱশ্যে জিলাখনৰ উন্নয়নমূলক সামাজিক কামত ব্যয় কৰিব লাগিব ৷ ইফালে কাইলৈ তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষতো লোক কল্যাণ দিৱস উদযাপন কৰা হ'ব ৷ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতি দিৱস উপলক্ষে আয়োজিত এই অনুষ্ঠানত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মাইনু গগৈক জিলা পৰ্যায়ৰ লোক সেৱা বঁটা প্ৰদান কৰা হ'ব ৷

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে সোমবাৰে দিনৰ 11 বজাত আয়োজিত অনুষ্ঠানত জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীগৰাকীক তেওঁ আগবঢ়োৱা নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে এই বঁটা প্ৰদান কৰা হ'ব যাৰ বাবদ 25 হাজাৰ টকাৰ উপৰিও চাকৰি কাল এবছৰ বৃদ্ধি কৰা হ'ব ৷ 2022 চনৰ পৰা ৰাজ্য চৰকাৰৰ নিষ্ঠা, সততা আৰু দক্ষতাৰে সেৱা আগবঢ়াই অহা কৰ্মচাৰীসকলৰ বাবে এই বঁটা প্ৰৱৰ্তন কৰা হৈছে ৷ তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পাল, আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে এই বিশেষ বঁটা লাভ কৰিবলৈ নিৰ্বাচিত হোৱা বুলি খবৰ বিয়পি পৰাৰ পাচতে তিনিচুকীয়াবাসী আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছে ৷ বিগত দিনসমূহত জিলাখনত দুয়োগৰাকী ব্যক্তিয়ে নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি সাধাৰণ জনতাৰ মাজত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ৷ গতিকে এতিয়া মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী বঁটা লাভ কৰাত দুয়োগৰাকী বিষয়াক সকলোৱে শুভেচ্ছা জনাইছে ৷

লগতে পঢ়ক :মুখ্যমন্ত্ৰী ড৹ শৰ্মাই জনালে কেবাখনো নতুন আইনৰ বিষয়ে : কি কি ? - Assam Land Sale Policy

ABOUT THE AUTHOR

...view details