অসম

assam

ETV Bharat / state

কংগ্ৰেছ দলৰ বিৰুদ্ধে ষড়যন্ত্র কৰাসকলৰ ভিতৰত অন্যতম হিমন্ত বিশ্ব শৰ্মা: ভূপেন বৰা - কংগ্ৰেছ দল

Bhupen Bora on Assam CM: কংগ্ৰেছৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচাসকলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাও এজন বুলি ক’লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ কংগ্ৰেছে নিষ্ঠাৰে বিৰোধীৰ দায়িত্ব পালন কৰি অহা বুলিও লগতে কয় সভাপতিগৰাকীয়ে ৷

ভূপেন বৰা
Bhupen Bora on Assam CM

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 7:48 PM IST

ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ১৩ ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলে-বলে-কৌশলৰে কংগ্ৰেছ দলটোক প্ৰতিহত কৰাৰ বাবে চেষ্টা কৰি আছে । এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । যোৰহাট থানাত সোমবাৰে দ্বিতীয়বাৰৰ বাবে হাজিৰ হোৱাৰ প্ৰসংগত মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

তেওঁ কয় যে শতায়ু গৰকা কংগ্ৰেছ দলৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা কেবাশ লোকৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা এজন । সেই ধৰণৰ ঘাত-প্ৰতিঘাত, বতাহ-ধুমুহা নেওচি কংগ্ৰেছ দলে নিজৰ নৈতিক দায়িত্ব ৰাজ্যখনৰ স্বাৰ্থত বিৰোধী হিচাপে নিষ্ঠা আৰু সততাৰে পালন কৰি আহিছে বুলি তেওঁ কয় ।

বৰাই লগতে কয় যে এতিয়াও তেওঁৰ লগতে দলৰ ভিতৰত বিভিন্ন পৰিৱেশ সৃষ্টিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ষড়যন্ত্ৰ অব্যাহত আছে । ভ্ৰষ্টাচাৰী, দুৰ্নীতি পৰায়ণ, ক্ষমতাৰ বলত বলিয়ান, সাম্প্ৰদায়িক ৰাজনীতিৰে অসমক বিভাজন কৰা বিজেপিক অসমৰ মাটিৰ পৰা বিদায় দিয়াৰ বাবে কংগ্ৰেছৰ মঞ্চক শক্তিশালী কৰাৰ বাবে অসমৰ সচেতন শিক্ষিত ৰাইজ আৰু যুৱপ্ৰজন্মৰ প্ৰতি আহ্বান জনায় ভূপেন বৰাই ।

আনহাতে কেইবাজনো নেতাই কংগ্ৰেছ ত্যাগ কৰা সন্দৰ্ভত তেওঁ কয় যে অসমৰ ৩.৩০ কোটি মানুহ ৰাজ্যৰ ৰাজনীতিৰ ভাগ্য বিধাতা । ৰাইজে বিচাৰিলে কাৰোবাক উঠাব পাৰে আৰু কাৰোবাক নমাব পাৰে । কংগ্ৰেছ ৰাইজ নিৰ্ভৰশীল দল বুলি সদৰী কৰি তেওঁ কয় যে কংগ্ৰেছে ৰাইজৰ স্বাৰ্থ আৰু চেতনাক প্ৰতিনিধিত্ব কৰে । যাৰ বাবে এইটো দলত অহা-যোৱা নতুন কথা নহয় ৷ তেওঁ লগতে কয় যে ভি পি সিং, চন্দ্ৰশেখৰ প্ৰমুখ্যে কংগ্ৰেছৰ পৰা ওলাই গৈ প্ৰধানমন্ত্ৰী হৈছে । কিন্তু তাৰ পাছতো কংগ্ৰেছ দল চৰকাৰলৈ ঘূৰি আহিছে ।

উত্তৰ-পূৰ্বাঞ্চলতো পি এ চাংমা, গেগং আপাং, হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহুত মানুহ কংগ্ৰেছ দলৰ পৰা ওলাই গৈছে যদিও কংগ্ৰেছ দল থমকি ৰোৱা নাই বুলি তেওঁ কয় । মহাসংগ্ৰামৰ নাম কংগ্ৰেছ দল বুলি উল্লেখ কৰি তেওঁ কয় যে সংগ্ৰামত কেতিয়াবা কেতিয়াবা আপোচকামী মানুহ থাকিব পাৰে যদিও আপোচবিহীন মানুহো আছে ।

লগতে পঢ়ক:অমৃত কালৰ নহয় অসমৰ বিনাশ কালৰ বাজেট : ভূপেন বৰা

ABOUT THE AUTHOR

...view details