অসম

assam

নগাঁৱত শিল্পী প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ উদ্বোধন মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 4:11 PM IST

Pranab Baruah Kalakshetra: প্ৰয়াত চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত নিৰ্মিত প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ নগাঁৱত কলাক্ষেত্ৰখন উদ্বোধন কৰি শিল্পীগৰাকীক স্মৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Pranab Baruah Kalakshetra
নগাঁৱত শিল্পী প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ উদ্বোধন

নগাঁৱত শিল্পী প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ উদ্বোধন

নগাঁও, 25 ফেব্ৰুৱাৰী: দেওবাৰে পুৱাই কেবাটাও কাৰ্যসূচী হাতত লৈ নগাঁৱত উপস্থিত হোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে চিত্ৰশিল্পী প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ । যশশ্বী চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত প্ৰায় ডেৰ কোটি টকা ব্যয় সাপেক্ষে নগাঁও আৱৰ্ত ভৱনৰ সন্মুখত নিৰ্মাণ কৰি উলিওৱা প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ উদ্বোধনী অনুষ্ঠানত প্ৰখ্যাত ভাস্কৰ্যশিল্পী বীৰেন সিংহৰ সুনিপুন হাতত প্ৰাণ পাই উঠা শিল্পী প্ৰণৱ বৰুৱাৰ প্ৰতিমূৰ্তিও মুকলি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । উদ্বোধনী অনুষ্ঠানতে প্ৰণৱ বৰুৱা শিল্পী বঁটা-২০২৪ও প্ৰদান কৰা হয় ।

অসমৰ যশস্বী চিত্ৰশিল্পী চম্পক বৰবৰাক চিত্ৰশিল্পী প্ৰণৱ বৰুৱা বঁটা প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । উল্লেখযোগ্য যে এই অনুষ্ঠানতে ভাৰতৰ যশস্বী চিত্ৰশিল্পী যতীন দাস সন্মানীয় অতিথিৰূপে আৰু বিশিষ্ট অতিথিৰূপে প্ৰখ্যাত চিত্ৰশিল্পী জীতেন হাজৰিকাও উপস্থিত থাকে ৷

প্ৰণৱ বৰুৱা কলাক্ষেত্ৰৰ শুভ উদ্বোধন কৰি চিত্ৰশিল্পী প্ৰণৱ বৰুৱাক স্মৰণ কৰি তেওঁৰ সৃষ্টিৰাজিক প্ৰশংসা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ভাষণত প্ৰণৱ বৰুৱাৰ চিত্ৰশিল্পত প্ৰায়ে সাধাৰণ মানুহৰ দুৰ্দশা আৰু অনুভূতি প্ৰতিফলিত হৈছিল বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । লগতে তেওঁ উল্লেখ কৰে যে প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ উদ্বোধন কৰিবলৈ পাই তেওঁ আনন্দিত হৈছে ৷

মুখ্যমন্ত্ৰীৰ লগতে অনুষ্ঠানটোত উপস্থিত মন্ত্ৰী পীযুষ হাজৰীকা, বিধায়ক ৰূপক শৰ্মা আৰু বিধায়ক শশীকান্ত দাস । চিত্ৰশিল্পী প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীও ।

লগতে পঢ়ক:ডিব্ৰুগড়ত ভূমিপট্টা প্ৰদান কৰিলে মন্ত্ৰী নন্দিতা গাৰ্লোছাই

ABOUT THE AUTHOR

...view details