গুৱাহাটী, ২০ জুলাই :ৰাজ্যৰ ৰাজনীতিত এতিয়া পুনৰ 'মুছলমান'ৰ প্ৰসংগ । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা এই প্ৰসংগ ৰাজ্যৰ ৰাজনীতিত বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে । ঝাৰখণ্ডৰ ৰাঁচীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসমত মুছলমানৰ সংখ্যা বৃদ্ধিক লৈ কৰা মন্তব্যৰ পাচতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিশেষকৈ বিৰোধীয়ে মুখ্যমন্ত্রীৰ মন্তব্যকলৈ সৰৱ হৈ পৰিছে ।
মুখ্যমন্ত্রীগৰাকীয়ে কৈছিল যে ১৯৫১ চনত অসমত মুছলমানসকল জনসংখ্যাৰ মাত্ৰ ১২ শতাংশ আছিল। বৰ্তমান তেওঁলোকৰ জনসংখ্যাৰ প্ৰায় ৪০ শতাংশ হৈছে । জনগাঁথনিগত পৰিৱৰ্তন অসমৰ বাবে ৰাজনৈতিক সমস্যা নহয় জীৱন-মৰণৰ কথা বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰিছিল । ইয়াকলৈ বিৰোধীয়ে মুখ্যমন্ত্রীক বিভিন্ন ধৰণে সমালোচনা কৰাৰ পিছত শনিবাৰে পুনৰ মুখ্যমন্ত্রীগৰাকীয়ে সামাজিক মাধ্যমত দুটাকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
সামাজিক মাধ্যমত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয়, "বহুজনে সুধিছে যে আমি অসমৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ কি কৰিছো ? থাউকতে এক সৰল উদাহৰণ দিব বিচাৰিছো । যোৱা ৩ বছৰত চৰকাৰে বেদখলকাৰীসকলক উচ্ছেদ কৰিছে আৰু ১৬,৭৭৬ হেক্টৰ ভূমি উদ্ধাৰ কৰিছে । যাৰ ভিতৰত আছে ৯,৬৪৬ হেক্টৰ বনাঞ্চল আৰু ৭,১৩০ হেক্টৰ ৰাজহ ভূমি । বেদখলকাৰীসকল কোন আছিল ? কোনো উত্তৰৰ প্ৰয়োজন হয়তো নাই ।" এইদৰে সামাজিক মাধ্যম যোগে মুখ্যমন্ত্রীগৰাকীয়ে পুনৰ সংখ্যালঘু সম্প্ৰদায়ক লক্ষ্য কৰি লৈছে ।