তেজপুৰ :শোণিতপুৰ জিলাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত চোৰাং চিকাৰী আৰু ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাকৰ্মীৰ মাজত হোৱা সংঘৰ্ষত নিহত হৈছে এটা চোৰাং চিকাৰী ।
বনৰক্ষী আৰু চোৰাং চিকাৰীৰ সংঘৰ্ষ
পশ্চিম অসম বন্যপ্ৰাণী সংৰক্ষণৰ বন প্ৰাধিকাৰী তথা উদ্যানৰ সঞ্চালক পীৰাইসুদন বি'য়ে ই টিভি ভাৰতক কয়, "চোৰাং চিকাৰীৰ এটা দল ৰাষ্ট্ৰীয় উদ্যানখনৰ পূবফালে দিকৰাইৰ দিশে প্ৰৱেশ কৰি এটা পহু নিধন কৰে আৰু তাৎক্ষণিকভাৱে বন বিভাগৰ চোৰাং চিকাৰী বিৰোধী অভিযানকাৰী দলে অভিযান আৰম্ভ কৰে । পুৱতি নিশা চোৰাং চিকাৰীৰ দলটোৱে হঠাৎ বন বিভাগৰ দলটোলৈ গুলীচালনা কৰে । বন বিভাগেও ইয়াৰ প্ৰত্যুত্তৰত গুলী চলায় । ফলত এটা চোৰাং চিকাৰীৰ মৃত্যু হয় আৰু বাকীকেইটা পলাই যাবলৈ সক্ষম হয় ।"
মৃত পহু আৰু হস্তনিৰ্মিত বন্দুক উদ্ধাৰ
নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ আঞ্চলিক কাৰ্যালয়ৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰৈত তথা দিকৰাই অঞ্চলত ৰাষ্ট্ৰীয় উদ্যানখনৰ ঘন জংঘলৰ মাজত এই সংঘৰ্ষ সংঘটিত হয় । ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত পহু নিধন কৰিবলৈ আহিছিল চোৰাং চিকাৰীৰ দলটোৱে ৷ ইতিমধ্যে চোৰাংচিকাৰীৰ দলটোৰ হাতত নিধন হৈছে এটা পহু । বনৰক্ষীৰ দলে চলোৱা অভিযানৰ সময়ত চোৰাং চিকাৰীয়ে গুলীচালনা কৰে । আনহাতে বনৰক্ষীৰ দলটোৱেও প্ৰত্যুত্তৰ গুলীচালনা কৰে । ঘটনাস্থলীৰ পৰা বনৰক্ষীৰ দলটোৱে এটা হস্তনিৰ্মিত বন্দুক আৰু এটা মৃত পহু উদ্ধাৰ কৰিছে ৷ নিহত লোকজনৰ পৰিচয় প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ উদ্ধাৰ হোৱা নাই ৷