অসম

assam

ETV Bharat / state

ৰাজভৱন ঘেৰাও কাৰ্যসূচী: প্ৰতিবাদকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু মহানগৰ আৰক্ষীৰ - CONGRESS PROTEST IN GUWAHATI

কংগ্ৰেছৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে ৰুজু কৰিলে নিজাববীয়া গোচৰ । আইন-শৃংখলা পৰিস্থিতিৰ সন্দৰ্ভত লতাশিল আৰক্ষী থানাত ৰুজু কৰে গোচৰ ।

City police register their own case against Congress protest in Guwahati
প্ৰতিবাদকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু মহানগৰ আৰক্ষীৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 11 hours ago

গুৱাহাটী:মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই প্ৰদেশ কংগ্ৰেছৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচীৰ বিৰুদ্ধে শুকুৰবাৰে মহানগৰ আৰক্ষীয়ে ৰুজু কৰে এটা গোচৰ । ১৮ ডিচেম্বৰত অসম প্ৰদেশ কংগ্ৰেছে গ্ৰহণ কৰা ৰাজভৱন ঘেৰাও কাৰ্যসূচী আৰু প্ৰতিবাদকাৰীসকলৰ কিছু কাৰ্যকলাপৰ ফলত উদ্ভৱ হোৱা আইন-শৃংখলাজনিত পৰিস্থিতি সন্দৰ্ভত লতাশিল আৰক্ষী থানাত মহানগৰ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰা বুলি মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সদৰী কৰে ।

তেওঁ সদৰী কৰা অনুসৰি, মহানগৰীৰ লতাশিল থানাত ধাৰা 74/115(2)/121(1)/189(2)/189(3)/191(2)/195(1)/195(2)/223(b) বি এন এছ, 2023 অসম আৰক্ষী আইন, 2007 ৰ ধাৰা 94 আৰু ৰাজহুৱা সম্পত্তিৰ ক্ষতি প্ৰতিৰোধ আইন, 1984-ৰ ধাৰা 3(1)ৰ অধীনত(BNS, 2023 Read with Section 94 of The Assam Police Act, 2007 and Section 3(1) of The Prevention of Damage to Public Property Act ,1984.) 130/2024 নম্বৰত গোচৰ ৰুজু কৰা হৈছে ।

উল্লেখ্য যে মুখ্যমন্ত্রীয়ে বৃহস্পতিবাৰে সামাজিক মাধ্যমযোগে ৰাজভৱনৰ সমীপত বা গুৱাহাটীত ভবিষ্যতে প্রতিবাদ বা বিক্ষোভ কাৰ্যসূচীৰ কোনো অনুমতি প্রশাসনে নিদিব বুলি ঘোষণা কৰে । এই সন্দৰ্ভত তেওঁ সামাজিক মাধ্যমত প্ৰকাশ কৰে ,"ৰাজ্যপালৰ সাংবিধানিক পদমৰ্যাদা সদায়েই দলীয় ৰাজনীতিৰ ঊৰ্ধ্বত । কালি কংগ্ৰেছ দলৰ নেতাসকলে আৰক্ষীৰ বেৰিকেড ভংগ কৰি অসমৰ ৰাজভৱনত বলপূৰ্বকভাৱে প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল আৰু সন্মুখভাগত বিশৃংখলতাৰ সৃষ্টি কৰিছিল । আৰক্ষীয়ে এফ আই আৰ পঞ্জীয়ন কৰি ভিডিঅ’ ৰেকৰ্ডিঙৰ পৰ্যালোচনাকে ধৰি ঘটনাৰ পুংখানুপুংখ তদন্ত আৰম্ভ কৰিব । এতিয়াৰ পৰা ৰাজভৱনৰ সমীপত কোনো ধৰণৰ বিক্ষোভ কাৰ্যসূচীৰ অনুমতি দিয়া নহ’ব । ইতিমধ্যে প্ৰতিবাদ আৰু বিক্ষোভৰ বাবে নিৰ্দিষ্ট এলেকা নিৰ্ধাৰণ কৰি দিয়া হৈছে ।"

লগতে পঢ়ক:মৃদুল ইছলাম মৃত্যুৰ ঘটনাৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ - CONGRESS WORKER MRIDUL ISLAM DEATH

সংবাদ সংগ্ৰহৰ সময়তেই আৰক্ষীৰ কন্দুৱা গেছত অসুস্থ সাংবাদিক; ন্য়ায় বিচাৰি প্ৰতিবাদ - GUWAHATI PRESS CLUB PROTEST

ABOUT THE AUTHOR

...view details