অসম

assam

ETV Bharat / state

ঝুমইৰ বিনন্দিনীৰ বাবে কেতিয়া, কেনেকৈ কৰিব প্ৰৱেশ; জনালে মুখ্যমন্ত্ৰীয়ে - ADVANTAGE ASSAM 2

ঝুমইৰ বিনন্দিনী আৰু এডভাণ্টেজ আছাম ২.০ ৰ উদ্দেশ্য, কোনো কোনে অংশ ল’ব আৰু কেনেদৰে কৰিব পাৰিব প্ৰৱেশ; সংবাদমেলত ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

ADVANTAGE ASSAM 2
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 24, 2025, 8:31 AM IST

Updated : Feb 24, 2025, 10:04 AM IST

গুৱাহাটী :সোমবাৰে সৰুসজাই ষ্টেডিয়ামত হ’বলগীয়া ঝুমুৰ নৃত্যৰ মেগা অনুষ্ঠান ‘ঝুমইৰ বিনন্দিনী’ ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় বিদেশ মন্ত্রী এছ জয়শংকৰৰ নেতৃত্বত ৬০ খন ৰাষ্ট্ৰৰ হেড অব মিছনে উপভোগ কৰিব ৷ ইতিমধ্যে দেওবাৰে নিশা এছ জয়শংকৰ নেতৃত্বত ৪৫খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি দল অসমত উপস্থিত হৈছে ৷ যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি দলটো উপস্থিত হোৱাৰ পাচত অসম চৰকাৰৰ হৈ কৃষিমন্ত্ৰী অতুল বৰা, মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অসমীয়াৰ স্বাভিমান গামোচা আৰু ফুলৰ টোৰাৰে তেওঁলোকক আদৰণি জনায় ।

ইফালে ঝুমইৰ বিনন্দিনী আৰু এডভান্টেজ অসমক লৈ অসমৰ চৰকাৰৰ তৰফৰ পৰা বিশেষ তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ অনুষ্ঠানৰ এদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ লোকসেৱা ভৱনত এখন সংবাদমেল সম্বোধন কৰি ঝুমইৰ বিনন্দিনী আৰু এডভাণ্টেজ আছামৰ কাৰ্যসূচীৰ লগতে জাৰি কৰা নীতি-নিৰ্দেশনাৰ বিষয়ে সদৰী কৰে । তেওঁ লগতে এই অনুষ্ঠানৰ জৰিয়তে কিদৰে অসম লাভাম্বিত হ’ব পাৰে, সেই বিষয়েও উল্লেখ কৰে ৷

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

মুখ্যমন্ত্রী ড৹ শৰ্মাই সংবাদমেলত কয়, "ঝুমুৰৰ অনুষ্ঠান সন্ধিয়া ৫.৩০ বজাত আৰম্ভ হ'ব । অনুষ্ঠানৰ বাবে যিসকলে পাছ লৈছে তেওঁলোকে ৩.৩০ বজাত প্ৰৱেশ কৰিব লাগিব ৷ প্ৰধানমন্ত্ৰী অহাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাৰক্ষীৰ চেকিং আদিত কিছু সময় লাগিব ৷ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰথমতে ষ্টেডিয়ামৰ চাৰিওফালে বিশেষ বাহনেৰে ঘূৰি সকলোকে অভিবাদন জনাব । মুখ্যমন্ত্ৰীৰ ৫ মিনিটৰ ভাষণৰ পাছতে প্ৰধানমন্ত্ৰীয়ে ভাষণ দিব । প্ৰধানমন্ত্রীৰ পাছতে ঝুমুৰ নৃত্য পৰিৱেশন কৰা হ'ব । ঝুমুৰ নৃত্যৰ পাছতে অসমৰ কলা-সংস্কৃতিক দাঙি ধৰি লেজাৰ শ্ব' হ'ব । ঝুমুৰ নৃত্যৰ অনুষ্ঠানটোত কেন্দ্ৰীয় বিদেশ মন্ত্রী এছ জয়শংকৰৰ নেতৃত্বত ৬০ খন ৰাষ্ট্ৰৰ হেড অব মিছন উপস্থিত থাকিব । ইয়াৰে ২২ গৰাকী পৰিয়ালৰ সৈতে উপস্থিত থাকিব ।"

তেওঁ লগতে কয়, "অনুষ্ঠানত কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্রীয়ে অংশগ্ৰহণ কৰিব । কেন্দ্ৰীয় মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত আজি তেওঁলোকে যোৰহাটত উপস্থিত হৈ কাইলৈ কাজিৰঙা ভ্ৰমণ কৰি বিয়লি গুৱাহাটীলৈ আহিব । ইফালে ঝুমুৰ নৃত্য উপভোগ কৰাৰ পাছত প্ৰধানমন্ত্রীয়ে খানাপাৰালৈ আহি এডভাণ্টেজ আছাম ২.০ৰ প্ৰদৰ্শনী আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব । নিশা ৭.৩০ বজাৰ পৰা প্ৰায় এঘণ্টা সময় প্ৰধানমন্ত্ৰীয়ে প্ৰদৰ্শনীস্থলীত অংশ লোৱাসকলৰ সৈতে কথা পাতিব ।"

এডভাণ্টেজ আছাম ২.০ৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "মঙলবাৰে পুৱা ১০ বজাত এডভাণ্টেজ আছাম ২.০ৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব । পঞ্জীয়ন উদ্বোধনী অনুষ্ঠানত অংশ ল'ব নোৱাৰিব । উদ্বোধনী অনুষ্ঠানত ২২০০ লোকে অংশগ্ৰহণ কৰিব পাৰিব আৰু ইয়াৰ বাবে বিশেষ প্ৰৱেশ পত্রৰ ব্যৱস্থা কৰা হৈছে । উদ্বোধনী অনুষ্ঠানৰ পাছতে কেন্দ্ৰীয় মন্ত্রীসকলৰ বিভিন্ন বিষয়ৰ চেছন অনুষ্ঠিত হ'ব । কেন্দ্ৰীয় ৰে‘লমন্ত্রীৰ চেছন বুধবাৰৰ সলনি মঙলবাৰে অনুষ্ঠিত হ'ব । উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্রী, অসমৰ ৰাজ্যপাল, কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্রী, মেঘালয় আৰু ত্রিপুৰাৰ মুখ্যমন্ত্রী, ভূটানৰ কৃষি মন্ত্রী, কেন্দ্ৰীয় মন্ত্রী জয়শংকৰৰ নেতৃত্বত অহা ৰ‍াষ্ট্ৰদূতসকল আৰু দেশৰ বহুকেইগৰাকী শীৰ্ষ উদ্যোগপতিয়ে অংশগ্ৰহণ কৰিব । তদুপৰি অষ্ট্ৰেলিয়া, দক্ষিণ কোৰিয়া, ছিংগাপুৰ, মালয়েছিয়া, টাইৱান, ইণ্ডোনেছিয়া, থাইলেণ্ড, জাপান আৰু ভূটানৰ বিশেষ বিনিয়োগকাৰী দল উপস্থিত থাকিব ।"

মুখ্যমন্ত্রীয়ে আৰু কয়, "এডভাণ্টেজ আছামৰ বাবে ১ লাখ ২২ হাজাৰ কোটি টকাৰ ২৪০ খন বুজাবুজিৰ চুক্তিত আজিৰ কেবিনেটে অনুমোদন জনায় । ইয়াত চৰকাৰী আৰু বেচৰকাৰী চুক্তি আছে । এডভাণ্টেজ আছামত কেইবাটাও পৰ্যায়ত বিনিয়োগ হ'ব । এটা পৰ্যায়ত বিনিয়োগৰ ঘোষণা হ'ব । আন এটা পৰ্যায়ত চৰকাৰীভাৱে আন্তঃগাঁথনিৰ বাবে ঘোষণা কৰা হ'ব । আনহাতে সন্মিলনত বিনিয়োগ নোহোৱা কেতবোৰ বুজাবুজিৰ চুক্তি হ'ব । সেইদৰে কাৰিকৰী দিশটো বুজাবুজিৰ চুক্তি হ'ব । আনহাতে ইয়াৰ সমান্তৰালকৈ সকলো জিলাত ৫০ কোটি টকালৈ বিনিয়োগৰ ক্ষেত্রত জিলা উপায়ুক্তৰ কাৰ্যালয়ত চুক্তি হ'ব । ইতিমধ্যে জিলাভিত্তিক সৰু আৰু মজলীয়া উদ্যোগৰ বাবে ১৫৯১১ কোটি টকাৰ ২৫৯০ খন চুক্তি এতিয়ালৈকে আহিছে ।"

ঝুমুৰ নৃত্যৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "গুৱাহাটীৰ লগতে ৰাজ্যৰ ৮০০ খন চাহ বাগিচাত বিভিন্ন মাধ্যমযোগে অনুষ্ঠানটো দেখুওৱা হ'ব । বহুতে ঝুমুৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে । ঝুমুৰ ঝাৰখণ্ডৰ বুলি কৈছে । ঝুমুৰ সম্পূৰ্ণ ৰূপে অসমৰ । ঝুমুৰৰ গীতত ইয়াৰ প্ৰতিফলন দেখিবলৈ পোৱা যায় । ঝুমুৰ অসমৰ সংস্কৃতিৰ ।"

লগতে পঢ়ক:এছ জয়শংকৰ নেতৃত্বত অসমত উপস্থিত ৪৫খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি দল

'ঝুমইৰ বিনন্দিনী'ৰ কাউন্ট-ডাউন আৰম্ভ

Last Updated : Feb 24, 2025, 10:04 AM IST

ABOUT THE AUTHOR

...view details