অসম

assam

বিস্মিতা-অংকিতা-দীপাংকহঁতৰ আগমনত অত্যন্ত সুখী মুখ্যমন্ত্ৰী

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 8:07 PM IST

Updated : Jan 28, 2024, 8:39 PM IST

Assam CM HBS reaction : ন বিজেপিসকলক শুভেচ্ছা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ অনাগত দিনটো অৰাজনৈতিক দলৰ নেতাই বিজেপিত যোগদান কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰী শৰ্মাৰ ৷

Chief Minister Himanta Biswa Sarma greets leaders who joined BJP
চিকিৎসক অভিযন্তাৰ বাবেহে পদ খালী হৈ আছে নেকি বিজেপিত

চিকিৎসক অভিযন্তাৰ বাবেহে পদ খালী হৈ আছে নেকি বিজেপিত

ডিব্ৰুগড়, 28 জানুৱাৰী :লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত উদুলি-মুদুলি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় ৷ প্ৰাক্তন মন্ত্ৰী কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী বিস্মিতা গগৈ, যুৱ কংগ্ৰেছৰ প্ৰাক্তন নেত্ৰী অংকিতা দত্তৰ লগতে প্ৰাক্তন ছাত্ৰ নেতা দীপাংক নাথে আজি যোগদান কৰিলে বিজেপিত ৷ ইয়াকে লৈ সুখী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

আনহাতে, বিজেপিত যোগদান কৰা নেতাসকলক ডিব্ৰুগড়ৰ পৰাই দেওবাৰে শুভেচ্ছা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, বিগত কেইটামান দিনৰ পৰা বিজেপিত যোগদান কাৰ্যসূচী চলি আছে আৰু চলি থাকিব ৷ ৰাজ্যৰ অৰাজনৈতিক ব্যক্তিক বিজেপি দললৈ অনাৰ বাবে চেষ্টা কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

কংগ্ৰেছৰ দুই নেত্ৰী বিজেপিত যোগদানৰ আঁৰৰ কিছু কথা :

দল বিৰোধী কাৰ্যৰ অভিযোগৰ বাবে কংগ্ৰেছক শীৰ্ষ নেতৃত্বই দলে পৰা বহিষ্কাৰ কৰিছিল অংকিতা দত্তক ৷ অংকিতাই ৰাহুল গান্ধীৰ নেতৃত্বত অসমত হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত ন্যায় বিচাৰি প্ৰতিবাদও সাব্যস্ত কৰিছিল ৷ কোনো কাৰণতে বিজেপিত যোগদান নকৰো বুলি এসময়ত দম্ভালি মাৰি আৰু ন্যায় নোপোৱাৰ খঙতে হয়তো অংকিতাই অৱশেষত দেওবাৰে বিজেপিত যোগদান কৰিলে ৷

দীৰ্ঘদিনে এক প্ৰকাৰ দলৰ পৰা এলাগী হৈ পৰা প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ো আজি বিজেপিত যোগদান কৰে ৷ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত অমাৰ্জিত পোচাক পৰিধান কাৰৰ বাবে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে কৰা ব্যৱহাৰৰ বাবে কংগ্ৰেছ দল এৰা বুলি আজি দোহাৰিলেও কংগ্ৰেছত থকা সময়ত বিস্মিতাক দেখা নাছিল দলীয় কৰ্যকলাপত ৷ সাতে সোতে মিলাই সেয়ে আজি হাত এৰি পদুমত ধৰিলে বিস্মিতাই ৷

জাতিৰ গাড্ডাৰ নেকি দীপাংক !

কেতিয়াও বিজেপিৰ শৰণাপন্ন নোৱাৰ কথা কৈ আছু এৰা আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথেও যোগদান কৰিলে বিজেপিত ৷ আছুৰ লগতে জাতিটোক গাড্ডাৰ কাৰ, বিকল্প ৰাজনৈতিক গঠনৰ পোষকতা কৰা নেতাজনে আজি বিজেপিৰ ওচৰত নেগুৰ পেলালে বুলি ৰাজ্যৰ ভিন্ন মহলে দীপাংকক সমালোচনাৰে থকা-সৰকা কৰিছে ৷

মুখ্যমন্ত্ৰীৰ বক্তব্য :আজি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্তই কৰা মন্তব্যই তাৎপৰ্য বহন কৰিছে ৷ কিয়নো ৰাজনৈতিক দলৰ নেতা বা দল সংগঠনৰ নেতাই ভৰিছে বিজেপিত ৷ সেয়ে বিজেপিয়ে চিকিৎসক, অভিযন্তা অৰ্থাৎ অৰাজনৈতিক দলৰ নেতাক আদৰাতহে বেছি গুৰুত্ব প্ৰদান কৰা কৰা হ’ব বুলি কলে মুখ্যমন্ত্ৰীয়ে ৷

লগতে পঢ়ক :অসম কংগ্ৰেছ সোমায় আছে বিজেপিৰ পকেটত; বদৰুদ্দিন আজমল

Last Updated : Jan 28, 2024, 8:39 PM IST

ABOUT THE AUTHOR

...view details