অসম

assam

ETV Bharat / state

শিক্ষা বিভাগৰ বিভিন্ন পদত ৪১ প্ৰাৰ্থীক মুখ্যমন্ত্ৰীৰ নিযুক্তি-পত্ৰ প্ৰদান - Assam CM Himanta Biswa Sarma - ASSAM CM HIMANTA BISWA SARMA

Appointments In Assam Education Department : অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনৰ বিভিন্ন পদবীত এই ৪১ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হৈছে । ইয়াকে লৈ চৰকাৰে এতিয়ালৈকে ৯৭,৪৫৪ গৰাকীক নিযুক্তি প্ৰদান কৰা বুলি মুখ্যমন্ত্ৰীয়ে সগৌৰৱে ঘোষণা কৰে ।

Appointments In Assam Education Department
শিক্ষা বিভাগৰ বিভিন্ন পদত ৪১ প্ৰাৰ্থীলৈ মুখ্যমন্ত্ৰীৰ নিযুক্তি-পত্ৰ প্ৰদান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 5:42 PM IST

গুৱাহাটী, ১৫ জুলাই :শিক্ষা বিভাগত নিযুক্তি । শিক্ষা বিভাগৰ অধীনত ৪১ গৰাকী প্ৰাৰ্থীক‌‌ নিযুক্তি প্ৰদান । সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই নিযুক্তি-পত্ৰ প্ৰদান‌ কৰে ।

শিক্ষা বিভাগৰ বিভিন্ন পদত ৪১ প্ৰাৰ্থীলৈ মুখ্যমন্ত্ৰীৰ নিযুক্তি-পত্ৰ প্ৰদান (ETV Bharat Assam)

লোকসেৱা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই নিযুক্তি-পত্ৰ প্ৰদান কৰে । এই ৪১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ২২ গৰাকী প্ৰাৰ্থীক অনুকম্পামুলক নিযুক্তি প্ৰদান কৰা হয় । আনহাতে, কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনত ৰাজ্যৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত অনা-প্ৰযুক্তি পাঠ্যক্ৰমত (Non-technical course) ১১ গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি প্ৰদান কৰা হয় ।

ইয়াৰ উপৰি এগৰাকী গ্ৰন্থাগাৰিককে ধৰি সৰ্বমুঠ ১২ গৰাকী আৰু ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ অধীনত ৭ গৰাকী প্ৰাৰ্থীক ডায়েটৰ (District Institute of Education and Training) প্ৰবক্তা হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ।

এই নিযুক্তি-পত্ৰ বিতৰণ অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্য চৰকাৰৰ এক লাখ চৰকাৰী চাকৰি প্ৰদানৰ অবিৰত যাত্ৰাক আগবঢ়াই লৈ যোৱা হৈছে । অহা ১৫ আগষ্টত ৰাজ্য চৰকাৰে পুনৰ ১ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে ৷

আনহাতে, বৰ্তমানৰ ৰাজ্য চৰকাৰে ৫ বছৰীয়া কাৰ্যকালৰ ভিতৰত মুঠ ১.৫ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদানৰ অভিলাষী পৰিকল্পনা গ্ৰহণ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে সোমবাৰে নিযুক্তি-পত্ৰ লাভ কৰা প্ৰতিগৰাকী প্ৰাৰ্থীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে । লগতে নিযুক্তি প্ৰাপ্তসকলে নিষ্ঠাৰে তেওঁলোকৰ দায়িত্ব পালনৰ লগতে বিশেষকৈ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত নিযুক্তি লাভ কৰাসকলক শিক্ষানুষ্ঠানসমূহত 'ষ্টাৰ্ট আপ'ৰ পৰিৱেশ গঢ়ি তোলাত অৰিহণা যোগাবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় ৷

উল্লেখ্য যে চৰকাৰে গ্ৰহণ কৰা বছৰি ডেৰ লাখ নিযুক্তিৰ লক্ষ্যত ইতিমধ্যে ৯৭,৪৫৪ গৰাকীক নিযুক্তি প্ৰদান কৰা বুলি মুখ্যমন্ত্ৰীয়ে সগৌৰৱে ঘোষণা কৰে । লগতে শেহতীয়াভাৱে পি আৰ চি সন্দৰ্ভত উত্থাপিত অভিযোগ সন্দৰ্ভত সংবাদ মাধ্যমক কটাক্ষ কৰি কয় যে সোমবাৰে নিযুক্ত লাভ কৰা প্ৰতিগৰাকী প্ৰাৰ্থী সম্পূৰ্ণ খিলঞ্জীয়া । এই কথা প্ৰমাণ কৰিবলৈ লাগিলে প্ৰাৰ্থীসকলৰ ডি এন এ পৰীক্ষা কৰিবলৈও সংবাদ মাধ্যমক আহ্বান জনায় ।

লগতে পঢ়ক :'কা' কাৰ্যকৰী হ'ল অসমত : দিছপুৰৰ গৃহ বিভাগৰ পৰা আৰক্ষীলৈ গ'ল বিশেষ নিৰ্দেশনা - CAA implementaion in assam
লগতে পঢ়ক :পাঁচজন মানুহৰ মৃত্যুৰ ভাল হিচাব এটা এদিন অসমত হ’ব : মুখ্যমন্ত্ৰী - Himanta Biswa Prees Meet

ABOUT THE AUTHOR

...view details