অসম

assam

ETV Bharat / state

জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ - JAGIROD SEMICONDUCTOR INDUSTRY

টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ অংশ হ'ব এক অভিলাষী পানী যোগান আঁচনি । এই আঁচনিৰ ভূমি পূজনত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ।

Jagirod semiconductor industry
জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত অভিলাষী পানী যোগান আঁচনিৰ ভূমি পূজন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 4, 2025, 10:19 AM IST

মৰিগাঁও :জাগীৰোডত পূৰ্ণ গতিত চলি আছে টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ কাম । দিনে-নিশাই চলিছে প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য । শুকুৰবাৰে জাগীৰোডত নিৰ্মাণ হৈ থকা টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ কামৰ বুজ ল'বলৈ প্ৰকল্পস্থলী পৰিদৰ্শন কৰে কেন্দ্ৰীয় ৰে'ল, তথ্য আৰু সম্প্ৰচাৰ, ইলেক্ট্ৰ'নিকছ আৰু তথ্য-প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ।

আনহাতে, জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত আৰম্ভ হ'ব অভিলাষী পানী যোগান আঁচনি । এই অভিলাষী পানী যোগান আঁচনিৰ ভূমি পূজনত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ । গুৱাহাটীৰ পৰা ৰে'লযোগে আহি জাগীৰোড ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে ৰাজ্যৰ জলসম্পদ উন্নয়ন, তথ্য আৰু জনসংযোগ, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰণি জনায় । জাগীৰোডৰ শিলভঙাত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত কৰ্ম সংস্থাপন লাভ কৰিবলৈ নেইলিট নামৰ এখন শৈক্ষিক প্ৰতিষ্ঠান নিৰ্মাণৰ কাম শীঘ্ৰে শুভাৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত অভিলাষী পানী যোগান আঁচনিৰ ভূমি পূজন (ETV Bharat Assam)

প্ৰকল্প সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই কয়, "৩০ হাজাৰ মানুহে ইয়াত ঘৰ বনাই থাকিব । আৰু ইয়াৰ লগত বহুত ইণ্ডাষ্ট্ৰী আহিব । আৰু এখন মন্ত্ৰী ডাঙৰীয়াই ক'লে নেইলিট বুসি ইনষ্টিটিউট, যিখনত ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত চাকৰি পাবৰ বাবে পঢ়াব । সেইটো ইয়াতে অনুষ্ঠিত হ'ব আমাৰ শিলভঙাত । কেইদিনমান আগতে মাটিখিনি বেদখলকাৰীয়ে দখল কৰিছিল । আমি প্ৰশাসনে মাটিখিনি খালী কৰিলোঁ । তাত এখন ইউনিভাৰ্ছিটী হ'ব ।"

পানীযোগান আঁচনি সন্দৰ্ভত তেওঁ কয়, "আজি ইয়াতে ১২১ কোটি টকাৰ পি এইচ চি স্কিমৰ ভূমি পূজন কৰিলোঁ । আমাৰ ইয়াতে যথেষ্ট পানী লাগিব । আমাৰ ইয়াতে এখন ছেটেলাইট টাউন হ'ব । শেষলৈ কামৰ কাৰণে পানী লাগিব । গতিকে আমি চাৰিওফালৰ পৰা কাম আৰম্ভ কৰিছোঁ ।"

অসম চৰকাৰৰ দ্বাৰা আৱণ্টিত ১২১ কোটি টকা ব্যয়সাপেক্ষে টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত স্থাপন কৰিবলগীয়া অভিলাষী পানী যোগান আঁচনিৰ ভূমি পূজন অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উৎফুল্লিত হোৱা দেখিবলৈ পোৱা যায় ।

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, "বহুত গৌৰৱৰ কথা । বহুত সন্তুষ্টিৰ কথা যে মা কামাখ্যাৰ পৱিত্ৰ ভূমিত একেবাৰে আলট্ৰা মডাৰ্ণ ছেমিকণ্ডাক্টৰ ফেক্টৰী নিৰ্মাণ হৈ আছে । আৰু এয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ যি এক বিকশিত ভাৰতৰ স্বপ্ন তাত ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে বিৰাট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । আজি আপোনালোকে যি নিৰ্মাণকাৰ্য প্ৰত্যক্ষ কৰিছে সেয়া বহুত আল্ট্ৰা মডাৰ্ণ ছেমিকণ্ডাক্টৰ প্ৰকল্প । অসমত এই উদ্যোগ গ্ৰহণ কৰি অষ্টলক্ষ্মীৰ সম্পূৰ্ণৰূপে বিকশিত কৰাৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ যি সংকল্প সেয়া সম্পূৰ্ণ কৰা । ইয়াত বাস কৰা লোকসকলক ভৱিষ্যতৰ এটা মডাৰ্ণ ইণ্ডাষ্ট্ৰী উপহাৰ দিয়া । সেয়া আজি ইয়াত সফল হ'বলৈ গৈ আছে ।"

পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীক সংগ দিয়ে জাগীৰোড বিধানসভা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

লগতে পঢ়ক :নেইলিট বিশ্ববিদ্যালয় অসমৰ শিক্ষা জগতৰ নতুন সূৰুয: মুখ্যমন্ত্ৰী - NIELIT UNIVERSITY JAGIROD
লগতে পঢ়ক :দেশক আগুৱাই নিয়াৰ নতুন ইঞ্জিন উত্তৰ-পূৰ্বাঞ্চল: ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ - NEW TRAINS FROM GUWAHATI

ABOUT THE AUTHOR

...view details