ৰঙাপৰা,৫ জুন:মঙলবাৰে শোণিতপুৰ জিলাৰ ৰঙাপৰাত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড । দুই ব্যক্তিয়ে চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে গাঁওখনত অশান্তি সৃষ্টি কৰা এজন ব্যক্তিক । ঘটনাৰ বিৱৰণী অনুসৰি নিশা প্ৰায় ৭ মান বজাত ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰজুলি চাহ বাগিচাৰ ১৬ নং শ্ৰমিক লাইনত সংঘটিত হয় উক্ত হত্যাকাণ্ড । ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ৰঙাপৰা অঞ্চলত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য ।
অভিযোগ অনুসৰি মঙলবাৰে দিনৰ ভাগৰে পৰা অত্যধিক সুৰাপান কৰি বৰজুলিৰ লৰ্গ হাচাপূৰ্তিৰ পুত্ৰ মংগল হাচাপূৰ্তিয়ে হাতত এখন কুঠাৰ লৈ শ্ৰমিক লাইনটোত আতংকৰ সৃষ্টি কৰিছিল । সন্ধিয়া সময়ত হাতত কুঠাৰখন লৈ লোকজনে একেটা শ্ৰমিক লাইনৰ দীপক মুণ্ডাৰ ঘৰৰ বেৰা ভাঙি প্ৰৱেশ কৰে আৰু তেখেতৰ পত্নীক শালীনতা হানি চেষ্টা কৰে । লম্পট মংগল হাচাপূৰ্তিয়ে এনে কাৰ্য সংঘটিত কৰাত দীপক মুণ্ডা আৰু বুধুৱা কান্দুলনাই খঙত অগ্নিশৰ্মা হৈ পৰে আৰু দুয়োজনে হাতত চোকা অস্ত্ৰ লৈ খেদি যায় ।
পাচত নিচাত মাতাল হৈ থকা লোকজনে ভয়তে পলাবলৈ চেষ্টা কৰাৰ সময়তে পথৰ ওপৰত বাগৰি পৰে আৰু দুয়োজনে চোকা অস্ত্ৰৰে উপৰ্যুপৰি প্ৰহাৰ কৰে । চোকা অস্ত্ৰৰ প্ৰহাৰত মংগল হাচাপূৰ্তিয়ে থিতাতে মৃত্যুক সাৱটি লয় । ইফালে ঘটনাৰ খবৰ পোৱাৰ পাচত ঘটনাস্থলীত ৰঙাপৰা আৰক্ষী উপস্থিত হৈ আৰু দুই হত্যাকাৰীক আটক কৰাৰ লগতে তেজেৰে ৰাঙলী হৈ পৰা মৃতদেহটো উদ্ধাৰ কৰে । বুধবাৰে ৰঙাপৰা আৰক্ষীয়ে ৪০/২৪ নম্বৰত এটি গোচৰ ৰুজু কৰি হত্যাকাৰী দুটাক জেল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে ।