চামগুৰি : সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজলিল নগাঁৱৰ দুই ভাতৃ-ভগ্নী । বৃহস্পতিবাৰে ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতাৰে স্থান লাভ কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী কৰৈয়নীৰ হেঙুলীচুকৰ এহাল ভাতৃ-ভগ্নীয়ে ।
এ পি এছ চিৰ ফালফলত ভাতৃয়ে ২১ সংখ্যক স্থান লাভ কৰাৰ বিপৰীতে জ্যেষ্ঠ ভগ্নীয়ে লাভ কৰে ২৫ সংখ্যক স্থান । তেওঁলোক হৈছে নগাঁৱৰ কৰৈয়নীৰ হেঙুলীচুকৰ জিণ্টু বৰা আৰু মঞ্জুশ্ৰী বৰা । ইফালে পুত্ৰ-কন্যাৰ এই সফলতাত পৰিয়ালটোৰ লগতে উৎফুল্লিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী । দুয়ো অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত এ পি আৰ অ' কৃষ্ণৰাম বৰা আৰু পুস্পাঞ্জলি বৰাৰ সুসন্তান ।
ভাতৃ-ভগ্নীৰ সফলতাত নগাঁৱত আনন্দৰ লহৰ (ETV Bharat Assam) উল্লেখ্য যে গাঁওখনৰ একেখন ঘৰতে দুগৰাকী যুৱক-যুৱতীয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাত স্বাভাৱিকতেই আনন্দৰ লহৰ উঠিছে ৰাইজৰ মাজত । আনহাতে, আনন্দ আৰু গৌৰৱত মন নধৰা হৈছে সৌভাগ্যৱান পিতৃ-মাতৃৰো ।
এয়া আছিল তেওঁলোকৰ দ্বিতীয় প্ৰয়াস । অৱশ্যে প্ৰথম প্ৰয়াসত মঞ্জুশ্ৰী বৰাই গাণনিক বিষয়া হিচাপে কৃতকাৰ্যতা লাভ কৰিছিল যদিও নিজৰ লক্ষ্যত উপনীত হ'ব নোৱৰা বাবে পুনৰ এ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হৈছিল ।
নিজৰ সফলতাত উৎফুল্লিত জিণ্টু বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "ক'ভিডৰ পিচৰ পৰায়ে আমি দুয়োটাই বহুত কষ্ট কৰিছিলোঁ । আমি এ চি এছ পোৱাৰ বাবেই প্ৰস্তুতি চলাইছিলোঁ । ভাল লাগিছে, আমি আমাৰ লক্ষত উপনীত হ'ব পৰা কাৰণে । আমি দহ-বাৰ ঘণ্টা পৰ্যন্ত পঢ়িছিলোঁ । দুয়ো আলোচনা কৰিছিলো ।"
আনহাতে, এ পি এছ চিত ২৫ সংখ্যক স্থান লাভ কৰি অসম লোকসেৱাৰ বাবে বাছনি হোৱা জিণ্টু বৰাৰ জ্যেষ্ঠ ভগ্নী মঞ্জুশ্ৰী বৰাই সাংবাদিকৰ সন্মুখত নিজৰ অনুভৱ এনেদৰে ব্যক্ত কৰে, "খুব ভাল লাগিছে । যোৱাবাৰো দিছিলোঁ । ফাইনেল লিষ্টত নাম আহিছিল গাণনিক বিষয়া হিচাপে । কিন্তু আমাৰ দুয়োৰে সপোন আছিল এ চি এছ হোৱাৰ । সেইবাবে পুনৰবাৰ এ চি এছ হ'ম বুলিয়েই প্ৰস্তুতি চলাইছিলোঁ ।"
ইফালে দুই ভাতৃ-ভগ্নীত নগাঁৱৰ বিভিন্নজনে দুয়োগৰাকী কৃতিমানক শুভেচ্ছা জ্ঞাপন কৰিছে ।