মাজুলী: দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হয় অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য । মাজুলীত উপস্থিত হৈ ৰাজ্যপালগৰাকীয়ে অংশগ্ৰহণ কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহত ।
ইয়াৰ পিছতে মাজুলীৰ কেইবাটাও স্থান পৰিদৰ্শন কৰে ৰাজ্যপালগৰাকীয়ে । ইয়াৰ মাজতে ৰাজ্যপালগৰাকীক শুকুৰবাৰে পৰিদৰ্শন কৰোৱা হয় কমলাবাৰী ঘাট । ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ বিষয়াসকলে ৰাজ্যপালগৰাকীক পৰিদৰ্শন কৰাই ঘাটতো ।
পিছে মাজুলীত ব্ৰহ্মপুত্ৰৰ অতি স্পৰ্শকাতৰ খহনীয়া স্থানৰ পৰিৱৰ্তে কমলাবাৰী ঘাটলৈ নি ৰাজ্যপালৰ পৰা ব্ৰহ্মপুত্ৰ ব'ৰ্ডে বাঃ বাঃ লোৱাৰ চেষ্টা চলোৱা বুলিহে এতিয়া চৰ্চা চলিছে মাজুলীত । কিয়নো, ভকত চাপৰি আৰু শালমৰাত বৰ্তমানো অব্যাহত আছে ব্যাপক খহনীয়া । তেনে পৰিপ্ৰেক্ষিতত ব্ৰহ্মপুত্ৰ ব'ৰ্ডে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দেখুৱালে কেৱল কমলাবাৰী ঘাট । বান গৰাখহনীয়াই সুদীৰ্ঘ বছৰৰ পৰা জুৰুলা কৰি অহা মাজুলীৰ অতি স্পৰ্শকাতৰ শালমৰা আৰু ভকত চাপৰিত বৰ্তমানলৈ প্ৰায় ৩০০ ৰো অধিক পৰিয়ালে ঘৰবাৰী হেৰুৱাই দিশহাৰা হ'ব লগা হৈ আহিছে ।