অসম

assam

ETV Bharat / state

কলাইগাঁৱত বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক - udalguri BPF Meeting

BPF Meeting: প্ৰমোদ বড়োৱে অকলে নিৰ্বাচন খেলি দেখুৱাওক ৷ এই মন্তব্য বিধায়ক দুৰ্গাদাস বড়োৰ । কোকৰাঝাৰ আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে বিপিএফে । ওদালগুৰি জিলাৰ কলাইগাঁৱত বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক ।

bpf-meeting-at-kalaigaon
কাৰ্যনিৰ্বাহক বৈঠক

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 10:14 PM IST

নেতৃত্বৰ ভাষ্য

ওদালগুৰি, 18 ফেব্ৰুৱাৰী : কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি এই দুয়োটা সমষ্টিতে নিঃসন্দেহে জয়ী হ’ব বিপিএফৰ প্ৰাৰ্থী ৷ আত্মবিশ্বাসেৰে শনিবাৰে এই দাবী কৰিছে বিপিএফ নেতৃত্বই ৷ আজি ওদালগুৰি জিলাৰ কলাইগাঁৱত অনুষ্ঠিত হয় বিপিএফৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক বৈঠক ৷ এই বৈঠকত ভাগ লোৱাৰ অন্তত দলটোৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কয়, ‘আজিৰ বৈঠকত মূলতঃ দলটোক কিদৰে অধিক শক্তিশালী কৰিব পাৰি এই বিষয়ে আলোচনা কৰা হৈছে ৷ যিহেতু আগন্তুক লোকসভা নিৰ্বাচনত দৰং-ওদালগুৰি আৰু কোকৰাঝাৰ এই দুয়োটা সমষ্টিতে আমি প্ৰতিদ্বন্দ্বিতা কৰিম ৷ গতিকে সমষ্টি দুটাৰ প্ৰাৰ্থীৰ বিষয়েও আজিৰ বৈঠকত আলোচনা কৰা হয় ৷’

মহিলাৰীয়ে আৰু প্ৰকাশ কৰে যে মাৰ্চৰ দ্বিতীয় সপ্তাহত বিপিএফ দলে এই দুয়োখন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব ৷ তেওঁ লগতে আৰু কয় যে দৰং-ওদালগুৰি লোকসভা সমষ্টিত ক্ৰমে ৰিহন দৈমাৰী, দুৰ্গাদাস বড়ো, ইমানুৱেল মুছাহাৰী, ধীৰেণ বড়ো আৰু ৰবিচন মুছাহাৰীয়ে প্ৰাৰ্থিত্ব বিচাৰিছে । ইয়াৰ বিপৰীতে কোকৰাঝাৰত প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে প্ৰমীলা ৰাণী ব্ৰহ্ম, পৃথ্বীৰাজ মেচ আৰু খাম্ফা বৰগয়াৰীয়ে ।

ইপিনে, দুয়োটা লোকসভা সমষ্টিতে বিজয় সাব্যস্ত কৰিব বুলি এশ শতাংশ আত্মবিশ্বাসী হৈ পৰিছে বিপিএফ । প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলৰ কোনো অস্তিত্ব নাই বুলি দাবী কৰে বিপিএফৰ বিধায়ক দুৰ্গাদাস বড়োৱে । প্ৰমোদ বড়োৱে সদায় লাভ লোকচানৰ কথা চিন্তা কৰে ৷ অলপতে নিৰ্বাচনৰ পিচত বিপিএফৰ দোকান বন্ধ হ’ব বুলি প্ৰমোদ বড়োৱে কৰা মন্তব্যৰ এইদৰে প্ৰত্যুত্তৰ দিয়ে বিধায়কগৰাকীয়ে ।

দুৰ্গাদাস বড়োৰ সুৰতে সুৰ মিলাই হাগ্ৰামা মহিলাৰীয়ে কয় যে প্ৰমোদ বড়ো এজন দোকানীহে ৷ বিপিএফৰ দোকান বন্ধ নহয় ৷ দোকান বন্ধ হ’ব প্ৰমোদ বড়োৰহে ৷ আজিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকখনত হাগ্ৰামা মহিলাৰীৰ উপৰিও বিপিএফৰ কেবাগৰাকীও বিধায়ক, প্ৰাক্তন ই এম, এম চি এল একে ধৰি প্ৰায় চাৰি শতাধিক দলীয় কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক :ইউ পি পি এলে ভোটাৰ ৰাইজক ভয় খুৱাই আছে: হাগ্ৰামা

ABOUT THE AUTHOR

...view details