তেজপুৰ,১৬ এপ্ৰিল:দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক-বিৰোধী । দৰং ওদালগুৰি লোকসভা সমষ্টিতো তুংগত উঠিছে নিৰ্বাচনৰ প্ৰস্তুতি । বিজেপিৰ বিৰুদ্ধে থিয় হৈছে পূৰ্বৰ অগপৰ শক্তিশালী নেতা আৰু বৰ্তমানৰ বি পি এফ ৰ প্ৰাৰ্থী দুৰ্গাদাস বড়ো । মঙলবাৰে ঢোলে-দগৰে, নাচি-বাগি বিপিএফ প্ৰাৰ্থী দুৰ্গাদাস বড়োক বিপুল আদৰণি সহস্ৰাধিক দলীয় নেতা-কৰ্মী সমৰ্থকৰ ।
নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে দৰং-ওদালগুৰি লোকসভা সমষ্টি নিৰ্বাচনী বতাহ । বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ সমান্তৰালকৈ বিপিএফ প্ৰাৰ্থী দুৰ্গাদাস বড়োৱেও তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান । আজি ওদালগুৰিৰ মাজবাটত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰে দৰং-ওদালগুৰিৰ বিপিএফ প্ৰাৰ্থী দুৰ্গাদাস বড়োৱে ।
কাৰ্যালয় মুকলি আনুষ্ঠানত দুৰ্গাদাস বড়োৱে আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াক । দৰং-ওদালগুৰি লোকসভা সমষ্টিটো বিজেপিয়ে চৰণীয়া পথাৰ হিচাপে ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে দুৰ্গাদাস বড়োৱে । প্ৰতিবাৰেই পূৰ্বৰ মঙলদৈ আৰু বৰ্তমানৰ দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিজেপিয়ে বহিৰাগত প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ অভিযোগ তোলে বড়োৱে ।
২২ লক্ষাধিক ভোটাৰ থকা সমষ্টিটোত এগৰাকী স্থানীয় প্ৰাৰ্থী উলিয়াব নোৱৰাটো বিজেপিৰ বাবে দূৰ্ভাগ্যজনক আখ্যা দুৰ্গাদাস বড়োৰ । এইবেলিও সুদুৰ বৰপেটা লোকসভা সমষ্টিৰ পৰা দিলীপ শইকীয়াক পুনৰাই প্ৰাৰ্থিত্ব দিয়াত আক্ৰমণাত্মক হৈ পৰে বিপিএফ প্ৰাৰ্থীগৰাকী । ইফালে কোকৰাঝাৰ,ওদালগুৰিৰ পৰা বিপিএফ নোহোৱা হৈ যোৱা বুলি মন্ত্ৰী অশোক সিংহলে কৰা মন্তব্যৰো প্ৰত্যুত্তৰ দিয়ে তেওঁ ।
অসমৰ কোনো এগৰাকী লোক বিহাৰ, উত্তৰ প্ৰদেশত মন্ত্ৰিত্ব পোৱাৰ উদাহৰণ নাই যদিও অসমত বহিঃৰাজ্যৰ নেতাক মন্ত্ৰিত্ব দিয়াৰ উদাহৰণ আছে আৰু সেয়া অশোক সিংহল নিজেই বুলি কটাক্ষ দৰং-ওদালগুৰি বিপিএফ প্ৰাৰ্থী দুৰ্গা দাস বড়োৰ । লোকসভা সমষ্টিটোত বি পি এফ দলৰ নাই কোনো অস্তিত্ব । যিহেতু সমষ্টি পুণৰনিৰ্ধাৰণ হৈছে সেই বাবে ওদালগুৰি জিলাৰ অন্তৰ্গত কিছু ভোটবেংক বি পি এফ ৰ আধিপত্যত থকাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি যদিও দৰং জিলাত এই দলৰ কোনো বিধায়ক বৰ্তমানলৈ নাই ।