ডিব্ৰুগড়, 24 জানুৱাৰী : বক্সিঙৰ পৰা অৱসৰ ল’ব অলিম্পিক পদক বিজয়ী তথা বিশ্ব চেম্পিয়ন মেৰী কমে ৷ আজি ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত শীঘ্ৰেই অৱসৰ লোৱাৰ ইংগিত প্ৰদান কৰে তাৰকা খেলুৱৈ গৰাকীয়ে ৷ অৱশ্যে খেলুৱৈ গৰাকীয়ে বৰ্তমানলৈকে আনুষ্ঠানিকভাৱে অৱসৰৰ কথা ঘোষণা কৰা নাই ৷
ডিব্ৰুগড়ৰ আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান শিক্ষা ভেলীত অনুষ্ঠিত হোৱা 'তেজ'মায়া-2' শীৰ্ষক বাৰ্ষিক অনুষ্ঠানত অংশগ্ৰহণ কৰে আন্তঃৰাষ্ট্ৰীয় বক্সিং খেলুৱৈ মেৰী কমে ৷ এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰে মেৰী কমে ৷ এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি ছবাৰকৈ বিশ্ব চেম্পিয়নৰ অভিলেখ গঢ়া বক্সিঙৰ ৰাণী মেৰী কমে শীঘ্ৰেই অৱসৰ লোৱাৰ কথা ঘোষণা কৰে ৷ 'তেজ'মায়া-2' শীৰ্ষক বাৰ্ষিক অনুষ্ঠানত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী সকলৰে হোৱা মত-বিনিময়ত মেৰী কমে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি কয়- "মই এতিয়াও খেলিব বিচাৰোঁ ৷ কিন্তু বয়সৰ বাবে মোৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণত বাধা আহিছে ৷ মই বাধ্যতামূলক অৱসৰ ল'ব লাগিব ৷ সেইবাবে মোৰ এই সিদ্ধান্তৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ ৷"