বিশ্বনাথ, 1 জুন :1 জুনৰ পৰা ৰাজ্যজুৰি বন্ধ হৈছে বটলিফ ফেক্টৰীসমূহ ৷ 2015 চনতে ভাৰতীয় টি ব’ৰ্ডে ৰাজ্যৰ বটলিফ ফেক্টৰীসমূহলৈ নিষিদ্ধ তথা অত্যাধিক কীটনাশক ব্যৱহাৰ নোহোৱা কেঁচা চাহপাত সংগ্ৰহ কৰাৰ লগতে চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে শুকান চাহ বিক্ৰী কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল ৷ এই নিৰ্দেশনাৰ পিছতে জাঙুৰ খাই উঠিছিল বটলিফ ফেক্টৰী মালিকসকল ৷ এই ব্যৱস্থা তেওঁলোকৰ হিতৰ বিপৰীতে সেয়েহে এই নিৰ্দেশনা উঠাই নোলোৱা পৰ্যন্ত ফেক্টৰীসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লয় বটলিফ ফেক্টৰীৰ মালিকসকলে ৷
আনহাতে বন্ধ হোৱাৰ ফলত ৰাজ্যত প্ৰতিদিনে প্ৰায় চাৰিশৰো অধিক বটলিফ ফেক্টৰীয়ে প্ৰায় 21 লাখ কেজিৰো অধিক চাহ উৎপাদন কৰাৰ পৰা বিৰত থাকিব ৷ ইফালে এই সিদ্ধান্তৰ ফলত 5 শতাংশ জি এছ টি হাৰে প্ৰতিদিনে প্ৰায় 10 লাখৰো অধিক কৰ হেৰুৱাব লগা হ’ব ৰাজ্য চৰকাৰে ৷ ইফালে প্ৰায় এক কোটিৰো অধিক কেঁচা চাহপাত নষ্ট হ’ব ক্ষুদ্ৰ চাহ খেতিয়কৰ ৷ চৰকাৰ তথা টি ব’ৰ্ডৰ গাফিলতিৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়কৰ লগতে ইয়াত নিয়োজিত হৈ থকা শ্ৰমিক সকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷