অসম

assam

ETV Bharat / state

শুভ্ৰ হৈ পৰিছে শ্ৰীশ্ৰী মায়ামৰা পুৰণি মাটি আতাপাম সত্ৰ - BORKIRTAN MAHOTSAVA

৮৫ বছৰীয়া পৰম্পৰা ৰক্ষা কৰিবলৈ হাজাৰ হাজাৰ ভকত ওলাই আহিল বৰকীৰ্ত্তন মহোৎসৱলৈ ।

MAYAMORA COMMUNITY TRADITION
শ্ৰীশ্ৰী মায়ামৰা পুৰণি মাটি আতাপাম সত্ৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 14, 2025, 4:07 PM IST

যোৰহাট: শুভ্ৰ সাজেৰে ভকত-বৈষ্ণৱে ভিৰ কৰিছে শ্ৰীশ্ৰী মায়ামৰা পুৰণি মাটি আতাপাম সত্ৰত । খোল-তালৰ শব্দত আধ্যাত্মিক পৰিৱেশ সৃষ্টি হৈছে যোৰহাটৰ আতাপাম সত্ৰখনত । ১৯৪১ চনত প্ৰতিষ্ঠা লাভ কৰা পুৰণি আতাপাম সত্ৰখনে আজিও ধৰি ৰাখিছে পূৰ্বৰ পৰম্পৰা ।

আতাপাম সত্ৰখনলৈ শুভ্ৰ সাজ পৰিধান কৰি ভকত-বৈষ্ণৱ তথা আইসকল আহিছে আজিৰ এই বিশেষ দিনটোৰ বাবে । ফাগুনৰ প্ৰথম দিনটোত মায়ামৰাসকলৰ পৰম্পৰাগত বৰকীৰ্ত্তন মহোৎসৱ অনুষ্ঠিত হয় । ৮৫ সংখ্যক শ্ৰীশ্ৰী মায়ামৰা পুৰণি মাটি আতাপাম সত্ৰৰ বৰকীৰ্ত্তন মহোৎসৱত অংশগ্ৰহণ কৰিছে ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মায়ামৰা লোকসকলে ।

শ্ৰীশ্ৰী মায়ামৰা পুৰণি মাটি আতাপাম সত্ৰ (ETV Bharat Assam)

মায়ামৰাসকলৰ ফাগুনৰ বিশেষ দিনটো :

মায়ামৰাসকলৰ পৰম্পৰা অনুসৰিয়ে এইবাৰো বৰকীৰ্ত্তন মহোৎসৱ উপলক্ষে উলিওৱা হয় এক বিশাল শোভাযাত্ৰা । সমান্তৰালভাৱে ধূপ-চাকি নৈবদ্যৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভকত-বৈষ্ণৱে গ্ৰহণ কৰে সেৱা । আনহাতে, বৰকীৰ্ত্তন মহোৎসৱত অংশগ্ৰহণ কৰি এজন ভকতে কয়, "প্ৰত্যেক বছৰ ফাগুনৰ প্ৰথম দিনটোত পালন কৰি অহা হৈছে বৰকীৰ্ত্তন মহোৎসৱ । এই বৰকীৰ্ত্তন মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত-বৈষ্ণৱ আহিছে । তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা বৰকীৰ্ত্তন মহোৎসৱত বিভিন্ন কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে । লগতে নিশাৰ ভাগত গুৰুজনাৰ সৃষ্টিৰাজি ভাওনা প্ৰদৰ্শিত হ'ব ।"

শ্ৰীশ্ৰী মায়ামৰা পুৰণি মাটি আতাপাম সত্ৰ (ETV Bharat Assam)

উল্লেখ্য় যে শ্ৰীশ্ৰী মায়ামৰা পুৰণি মাটি আতাপাম সত্ৰৰ আছে এক বিশেষ বৈশিষ্ট । লোকবিশ্বাস অনুসৰি মনোবাঞ্ছা পূৰণৰ অৰ্থে এই ভাগ সত্ৰত ভক্তই সেৱা গ্ৰহণ কৰে । আনহাতে, অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলেও এই সত্ৰখনত মনোবাঞ্ছা পূৰণৰ বাবে সেৱা আগবঢ়ায় । এয়া হৈছে মায়ামৰাসকলৰ পৰম্পৰা ।

লগতে পঢ়ক:'দেও কুবেৰ শলিতা লগোৱা সকাম' কি ! - CHUTIA TRIBE TRADITIONAL CEREMONY

ABOUT THE AUTHOR

...view details