অসম

assam

ETV Bharat / state

2025 ৰ মাজভাগত আনুষ্ঠানিকভাৱে উদ্বোধন হ’ব বঙাইগাঁও মেডিকেল কলেজ - Assam CM in Bongaigaon

Bongaigaon Medical College : ক্ষীপ্ৰ গতিত আগবাঢ়িছে বঙাইগাঁও মেডিকেল কলেজৰ কাম ৷ ৰাইজৰ বাবে 2025 ৰ মাজভাগত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন হ’ব এই নতুন মেডিকেল কলেজখন ৷ এই ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

Bongaigaon Medical College will be officially inaugurated in mid 2025 says Assam CM
বঙাইগাঁৱত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 19, 2024, 9:56 AM IST

বঙাইগাঁও, 19 ছেপ্টেম্বৰ :‘‘বাৰে বাৰে নিৰ্বাচন অনুষ্ঠিত কৰি থাকিলে ৰাইজৰ বহু ধন, টকা-পইচা, সময় খৰচ হয় ৷ এই কামটো যদি সংবিধান সংশোধনীৰ জৰিয়তে কৰিব পৰো, তেন্তে ৰাইজ বহুখিনি উপকৃত হ’ব ৷’’ বুধবাৰে বঙাইগাঁৱত উপস্থিত হৈ এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

বঙাইগাঁৱত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আৰু কয়, ‘‘বঙাইগাঁৱত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ উপ নিৰ্বাচন উপলক্ষে ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ আৰু UPPL দলৰ সৈতে কাৰ্যকৰ্তাসকলৰ সৈতে মই এখন বৈঠকত মিলিত হও ৷ লোকসভা নিৰ্বাচনৰ দৰে বিধানসভা নিৰ্বাচনটো আমি যাতে সুন্দৰভাৱে বঙাইগাঁও বিধানসভা সমষ্টিত জিকিব পাৰো, তাৰবাবে আমাৰ কাৰ্যকৰ্তাসকলৰ সৈতে মিলিত হও ৷’’

উল্লেখ্য যে, এদিনীয়া কাৰ্যসূচীৰে বুধবাৰে চিৰাং আৰু বঙাইগাঁও জিলাত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বঙাইগাঁৱৰ কেইবাটাও স্থান পৰিদৰ্শন কৰে ৷ আনকি বঙাইগাঁৱৰ মাজগাঁওস্থিত নতুনকৈ নিৰ্মীয়মান বঙাইগাঁও মেডিকেল কলেজত উপস্থিত হৈ তেওঁ কাম-কাজসমূহ পৰিদৰ্শন কৰে ৷

লগতে পঢ়ক :টংকেশ্বৰ ৰাভাৰ জাতিগত প্ৰমাণপত্র সন্দৰ্ভত তদন্তৰ দাবী বিৰোধী দলপতিৰ - Opposition Leader Debabrata Saikia

অহা বছৰৰ মাজভাগত এই মেডিকেল কলেজখন ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ বাবে মুকলি হ’ব বুলিও সংবাদমাধ্যমৰ আগত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰ পাচতে বঙাইগাঁও ৱাকিং জ’নত উপস্থিত হৈ সৌন্দৰ্য বর্ধনৰ কাম-কাজসমূহৰ বুজ লয় মুখ্যমন্ত্ৰী শৰ্মাই ।

পৰৱৰ্তী সময়ত তেওঁ অসম আৰক্ষীৰ সন্মিলন কেন্দ্ৰত উপস্থিত হোৱাৰ লগতে বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কেও বুজ লয় । কেন্দ্ৰীয় চৰকাৰৰ এক দেশ এক নিৰ্বাচনৰ প্ৰচেষ্টাক আদৰণি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে উপ নিৰ্বাচন সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, ‘‘উপ নিৰ্বাচনৰ বাবে বঙাইগাঁও বিধানসভা সমষ্টিৰ আসন অগপ দলক এৰি দিয়া হ’ব । অগপয়ে কাক টিকট দিয়ে সেয়া তেওঁলোকৰ কথা, মোৰ ইয়াত ক’ব লগা একো নাই ৷’’

আনহাতে, সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ দলকো কটু সমালোচনা কৰে ৷ বিগত বহু বছৰে কৰিব নোৱাৰা কাম এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৰি আছে বুলিও তেওঁ মন্তব্য কৰে ৷

লগতে পঢ়ক :মুখ্যমন্ত্রীয়ে কোৱাৰ দৰে কংগ্ৰেছ দল খিলঞ্জীয়া বিৰোধী নহয়: উদাহৰণসহ প্ৰত্যুত্তৰ বিৰোধী দলপতিৰ - Opposition Leader Debabrata Saikia

ABOUT THE AUTHOR

...view details