গুৱাহাটী : আজি অসমৰ জনপ্ৰিয় সংগীতশিল্পী জুবিন গাৰ্গৰ জন্মদিন ৷ বিশেষ দিনটোত জুবিনে চাৰিওফালৰে পৰা শুভেচ্ছা বাৰ্তা লাভ কৰিছে ৷ জুবিনৰ ফেনক্লাবসমূহেও বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে ৷ মুঠতে বাৰ্থডে’ বয়ৰ লগতে অনুৰাগীসকলৰো মন উলাহে নধৰা হৈ থাকে তেওঁৰ জন্মদিনত ৷
ভিন্ন ৰকমৰ অনুৰাগী আছে জুবিনৰ ৷ কোনোৱে যদি ছবি আঁকি তেওঁলৈ উপহাৰ হিচাপে আগবঢ়াই, কোনোৱে আকৌ ৰক্তদান কৰি প্ৰিয় শিল্পীগৰাকীৰ জন্মদিন উদযাপন কৰে ৷ কোনোৱে আৰ্তজনক সহায় কৰি নহ’লেবা আন কোনোৱে আকৌ বাট-পথৰ জীৱ-জন্তুক আলপৈচান ধৰি তেওঁৰ বিশেষ দিনটো উদযাপন কৰে ৷ মুঠতে জুবিন গাৰ্গৰ জন্মদিন অসমত এটা বিশেষ দিৱসৰ দৰে বুলি ক’লেও ভুল কোৱা নহ’ব ৷
জুবিন অনুৰাগীৰ বাবে এটা ভাল খবৰ ৷ আগন্তুক বৰ্ষত ড৹ ভূপেন হাজৰিকা বঁটাৰে সন্মানিত হ’ব শিল্পীগৰাকী ৷ এই ঘোষণা কৰিছে বেলতলা ব’হাগী উৎসৱ সমিতিয়ে ৷ ২০১২ বৰ্ষৰ পৰা ড৹ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰি অহা হৈছে ৷
জুবিন গাৰ্গলৈ এই বঁটা আগবঢ়োৱাৰ কথা আনুষ্ঠানিকভাৱে এক সংবাদমেল যোগে ঘোষণা কৰে বেলতলা ব’হাগী উৎসৱ সমিতিয়ে । জুবিন গাৰ্গক এই বঁটা ২০২৫ ৰ ব’হাগী উৎসৱৰ অনুষ্ঠানত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব বুলি আজিৰ সংবাদমেলৰ জৰিয়তে অৱগত কৰিছে বেলতলা ব’হাগী উৎসৱ সমিতিয়ে । এই বঁটাত থাকে এখনি মানপত্ৰ, এটি স্মাৰক, শৰাই, জাপি, আলোৱান আৰু নগদ ২ লাখ টকা ৷
এই সন্মানীয় বঁটা ইতিমধ্যে অসমৰ কেইবাগৰাকীও স্বনামধন্য শিল্পী পাৰ্বিন চুলতানা, ৰত্না ওজা, দিপালী বৰঠাকুৰ আৰু ২০২৪ বৰ্ষত অভিনেতা জৰ্জ বেকাৰৰ লগতে বলীউডৰ প্ৰথিতযশা অভিনেত্ৰী ৰবীনা টেণ্ডনেও লাভ কৰিছে ।
লগতে পঢ়ক : জীৱন বৰঠাকুৰৰ পৰা জুবিন গাৰ্গলৈ...52 বছৰীয়া এক সুৰীয়া পৰিক্ৰমা