গুৱাহাটী, ১৬ আগষ্ট: গুৱাহাটী মহানগৰীৰ আঠটা স্থানৰ লগতে সমগ্ৰ অসমৰ ২৫ টা স্থানত আলফা স্বাধীনে বৃহস্পতিবাৰে বোমা সংস্থাপনৰ দাবী কৰাৰ পিছতেই ৰাজ্যজুৰি আতংকৰ সৃষ্টি হয় ৷ ইয়াৰ পিছতেই আৰক্ষীয়ে আৰম্ভ কৰে অভিযান । ৰাজ্য়ৰ কেইবাঠাইত বোমা উদ্ধাৰ হোৱাৰ পিচত মহানগৰীত সংস্থাপিত আঠটা বোমাৰ সন্ধানত নামি পৰে আৰক্ষী । গুৱাহাটী মহানগৰীৰ সাতগাঁৱৰ পিছত এইবাৰ দিছপুৰ লাষ্টগেটত উদ্ধাৰ হৈছে আলফা (স্বাধীন)ই স্থাপন কৰা বোমা ।
দিছপুৰৰ মুখ্যমন্ত্ৰীৰ আৱাসৰ পিছফালে পুৰণা প্ৰতিবাদস্থলীত উদ্ধাৰ কৰা হৈছে এই বোমাটো । দিছপুৰ লাষ্টগেটৰ বিপৰীতে থকা মুকলি মাটিখিনিত আলফা (স্বাধীন)ৰ বোমা পুতি থোৱা বুলি বিবৃতি দিয়াৰ পিছত বোমা বিচাৰি কালিৰে পৰাই তৎপৰ হয় আৰক্ষী ।
আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগতে কালিৰে পৰা বোমা বিশেষজ্ঞৰ দলে মাটিখিনিত তন্ন তন্নকৈ তালাচী অভিযান চলাই যদিও বোমা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল । নিশাও আৰক্ষীয়ে খালী মাটিখিনিত এক্সাভেটৰেৰে খান্দি, জংঘল কাটি নলা,পদপথ আদিকে ধৰি বিভিন্ন ঠাইত তালাচী অভিযান অব্যাহত ৰাখে ।
পানীৰ পাইপৰ ওচৰতেই উদ্ধাৰ বোমা :
বোমা বিচাৰি আজি পুৱাৰে পৰা পুনৰ অভিযান চলাই আৰক্ষীয়ে । অৱশেষত ২৪ ঘণ্টা পাৰ হৈ যোৱাৰ পিছত দিনৰ ১.৩০ বজাত উদ্ধাৰ কৰে বোমাটো । পানীৰ পাইপৰ ওচৰতে সংস্থাপন কৰিছিল এই বোমাটো । বোমাটোত ৫০০ গ্ৰামৰ বিস্ফোৰক সামগ্ৰী পোৱা গৈছে । ইয়াৰ ভিতৰত ১২ ভল্টৰ ৮ টাকৈ বেটাৰীৰ লগতে চাৰ্কিট পোৱা গৈছে । ইয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা ।