অসম

assam

ETV Bharat / state

নিজৰ দুৰ্গত চকুৰ সন্মুখতে কোনে দিলে ৰকিবুল হুছেইন গ'-বেক ধ্বনি ? - SAMAGURI BYE ELECTION 2024

Assam Bye Election 2024: চামগুৰি সমষ্টিত গ'-বেক ধ্বনিৰ মাজতে পুত্ৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ ৰকিবুল হুছেইনৰ ।

Assam Bye Election 2024
নিজৰ দুৰ্গত চকুৰ সন্মুখতে কোনে দিলে ৰকিবুলক গ'-বেক ধ্বনি (ETV Bharat)

By ETV Bharat Assamese Team

Published : Oct 31, 2024, 11:14 AM IST

চামগুৰি: উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গৰম হৈ পৰিছে চামগুৰি বিধানসভা সমষ্টিৰ ৰাজনৈতিক পৰিৱেশ । মাৰপিট, হিংসাত্মক ঘটনাৰ বাবে সংবাদ শিৰোনাম দখল কৰি থকা চামগুৰি সমষ্টি পুনৰ এবাৰ চৰ্চালৈ আহিছে । কিয়নো কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনৰ দুৰ্গ হিচাপে পৰিচিত চামগুৰি সমষ্টি এইবাৰ উপ-নিৰ্বাচনত দখল কৰিবলৈ উঠি পৰি লাগিছে বিজেপি দলে ।

ৰকিবুল হুছেইনৰ বিৰুদ্ধে শ্ল'গান

কিন্তু ৰকিবুল হুছেইনে চামগুৰি সমষ্টিৰ বিভিন্ন প্ৰান্তত পুত্ৰ তাঞ্জিল হুছেইনৰ হৈ প্ৰচাৰ চলাবলৈ গৈ অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে । সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বুধবাৰেও গ'-বেক ধ্বনিৰ সন্মুখীন হ'বলগীয়া হ'ল ৰকিবুল হুছেইন । বুধবাৰে প্ৰথমে সমষ্টিটোৰ শিঙিমাৰীত পুত্ৰ তথা কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ হৈ প্ৰচাৰ চলাবলৈ গৈছিল ৰকিবুল হুছেইন । য'ত একাংশ বিজেপি কৰ্মী আৰু সমৰ্থকে তেওঁৰ সন্মুখতে গ'-বেক ধ্বনি দিয়ে । ইয়াৰ বিপৰীতে ৰকিবুল হুছেইনৰ সমৰ্থকে জিন্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে । এনে পৰিস্থিতিত শিঙিমাৰীত পুনৰ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ।

নিজৰ দুৰ্গত চকুৰ সন্মুখতে কোনে দিলে ৰকিবুলক গ'-বেক ধ্বনি (ETV Bharat)

নিশা সমষ্টিটোৰ কাঠপাৰা অঞ্চলত অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হয় । প্ৰচাৰৰ সময়তে ৰকিবুল হুছেইনৰ বিৰুদ্ধে শ্ল'গান দিয়ে একাংশ বিজেপি কৰ্মীয়ে । এসময়ৰ ৰকিবুল হুছেইৰ দুৰ্গ হিচাপে পৰিচিত কাঠপাৰা অঞ্চলত গ'-বেক ধ্বনিৰ সন্মুখীন হয় ৰকিবুল হুছেইন । সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হোৱাৰ পৰাই এনে পৰিস্থিতিৰ সন্মুখীন হৈ অহাৰ পাছত এয়া বিজেপি কৰ্মীৰ কাম বুলি ৰকিবুল হুছেইনে প্ৰায়েই অভিযোগ উত্থাপন কৰি আহিছে যদিও ৰকিবুলৰ বিৰুদ্ধে ক্ষুণ্ণ ৰাইজে এনে পৰিস্থিতিৰ সৃষ্টি কৰা বুলি বিজেপিয়ে দাবী কৰিছে ।

লগতে পঢ়ক :চামগুৰি উপ-নিৰ্বাচন: কোন গৰাকী প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা কিমান, কোন কিমান ধনৱান ?

ABOUT THE AUTHOR

...view details