গুৱাহাটী, ৪ জুন :লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচতে মঙলবাৰে সন্ধিয়া বিজেপিৰ সভাপতি ভৱেশ কলিতাই সংবাদ মাধ্যমৰ মুখামুখি হয় । গুৱাহাটীৰ বাজপেয়ী ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি ভৱেশ কলিতাই এই ফলাফলৰ বাবে অসমৰ জনতাক ধন্যবাদ জ্ঞাপন কৰে ।
আনহাতে, বৰ্তমান সময়ত ৰাজ্যৰ সৰ্বত্ৰে চৰ্চিত হৈ আছে যোৰহাট লোকসভা সমষ্টিৰ প্ৰসংগ । কিয়নো যোৰহাটত কংগ্ৰেছ প্ৰাৰ্থী গোৰৱ গগৈক পৰাস্ত কৰিবলৈ সৰ্বশক্তি প্ৰদান কৰিছিল ৰাজ্যিক বিজেপিয়ে । মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী বিজেপিৰ নেতা-কৰ্মীয়ে ৰপালৰ ঘাম মাটিত পেলাইছিল । কিন্তু ফলাফল তাৰ বিপৰীত হয় ।
লগতে পঢ়ক :গৌৰৱময় যোৰহাট, গৌৰৱান্বিত কংগ্ৰেছ কৰ্মী - Lok Sabha Election Results 2024
যোৰহাটত পৰাজয় সন্দৰ্ভতো মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । তেওঁ কয়, "যোৰহাট সমষ্টিত সন্দৰ্ভত কাইলৈ পৰ্যালোচনা কৰা হ'ব । অসমত আমি যিদৰে আশা কৰিছিলো, সেইমতে ফলাফল পাইছো ।" তেওঁ লগতে কয়, "যোৱা বছৰ আমি ৯ খন আসন পাইছিলো । এইবাৰ আমি ১১ খন পালো । যোৰহাটত বেয়া হ'ল, অলপ বেয়া লাগিছে । যোৰহাটত পৰাজয়ৰ কাৰণে কাকো দোষাৰোপ নকৰো । যোৰহাটত কি কাৰণে আমাৰ প্ৰাৰ্থীজন পিছ পৰিল সেই বিষয়ে আমি চিন্তন বৈঠক অনুষ্ঠিত কৰি পুংখানুপুংখভাৱে আলোচনা কৰিম ।"