অসম

assam

চামগুৰিৰ উপ নিৰ্বাচনক শৰাইঘাটৰ শেষ ৰণ আখ্যা বিজেপিৰ - Assam Assembly Bypolls 2024

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 2:06 PM IST

Assam Assembly Bypolls 2024 : ৰাজ্যৰ সৰ্বত্ৰে এতিয়া ট্ৰেডিঙক লৈ চৰ্চা অব্যাহত আছে । অৱশ্যে উপ নিৰ্বাচনক লৈও ক্ৰমাৎ উত্তাল হৈছে চামগুৰিৰ ৰাজনৈতিক বতাহ । চামগুৰিত এইবাৰ শৰাইঘাটৰ শেষ ৰণলৈ সাজু শাসকীয় দল বিজেপি । সমষ্টিটোত উপ নিৰ্বাচনৰ প্ৰচাৰ চলাই শাসকীয় দলৰ বিধায়কে ঘোষণা কৰিলে চামগুৰিত হ'ব শৰাইঘাটৰ শেষ ৰণ আৰু লাচিত হ'ব বিজেপি প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মা ।

Assam Assembly Bypolls 2024
চামগুৰিৰ উপ নিৰ্বাচনক শৰাইঘাটৰ শেষ ৰণ আখ্যা বিজেপিৰ (ETV Bharat)

নগাঁও, ৬ ছেপ্টেম্বৰ :ধিঙৰ কিশোৰী ধৰ্ষণ, মিঞা বিতৰ্কৰ পিচত ট্ৰেডিং আদি কেইবাটাও বিষয়ক লৈ ৰাজ্যৰ সৰ্বত্ৰে ব্যাপক চৰ্চা অব্যাহত থকাৰ মাজতে পুনৰ চৰ্চালৈ আহিছে শৰাইঘাটৰ শেষ ৰণৰ প্ৰসংগ । ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত শৰাইঘাটৰ শেষ ৰণকে মূল অস্ত্ৰ হিচাপে লৈ ৰাজ্যৰ শাসনৰ বাঘজৰী হাতত ল'বলৈ সক্ষম হোৱা বিজেপিয়ে পুনৰ শৰাইঘাটৰ শেষ ৰণলৈ সাজু হৈছে ।

চামগুৰিৰ উপ নিৰ্বাচনক শৰাইঘাটৰ শেষ ৰণ আখ্যা বিজেপিৰ (ETV Bharat)
  • চামগুৰি উপ নিৰ্বাচন

দীৰ্ঘদিনে কংগ্ৰেছৰ দখলত থকা চামগুৰি সমষ্টিত বিজেপি দলে বিশেষ ৰণনীতি গ্ৰহণ কৰিছে । ২০০১ চনৰ পৰা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ দখলত আছে চামগুৰি বিধানসভা সমষ্টি । কিন্তু শেহতীয়াকৈ তেওঁ ধুবুৰীৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিচৰে পৰা বিধায়ক শূন্য হৈ পৰিছে চামগুৰি বিধানসভা সমষ্টি । বিধায়ক শূন্য চামগুৰি সমষ্টিৰ লগতে ৰাজ্যৰ মুঠ ৫ টাকৈ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে নিৰ্বাচন আয়োগে ।

উপ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে চৰ্চাৰ শীৰ্ষত আছে চামগুৰি বিধানসভা সমষ্টি । সমষ্টিকেইটাৰ উপ নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও ৰাজনৈতিক দলসমূহে ইতিমধ্যেই আৰম্ভ কৰিছে তৎপৰতা ।

  • চামগুৰিত বিজেপিৰ প্ৰচাৰ

বিগত ৫ টাকৈ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে নিজৰ দখলত ৰাখিবলৈ সক্ষম হোৱা চামগুৰি বিধানসভা সমষ্টি এইবাৰ দখল কৰিবলৈ তৎপৰ হৈ পৰিছে শাসকীয় দল বিজেপি । সমষ্টিটোৰ উপ নিৰ্বাচনৰ বাবে কংগ্ৰেছ অথবা আন কোনো ৰাজনৈতিক দলে প্ৰাৰ্থিত্ব চূড়ান্ত কৰা নাই যদিও শাসকীয় দল বিজেপিয়ে ৰাজ্যিক সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাক প্ৰাৰ্থী হিচাপে ঘোষণা কৰি সমষ্টিটো দখলৰ কুচকাৱাজ আৰম্ভ কৰিছে ।

একেদৰে বিৰোধী কংগ্ৰেছেও সমষ্টিটো দখলৰ বাবে অব্যাহত ৰাখিছে তৎপৰতা । আনুষ্ঠানিকভাৱে কংগ্ৰেছে সমষ্টিটোৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থী চূড়ান্ত কৰা নাই যদিও সমষ্টিটোৰ পৰা ৰকিবুল হুছেইনৰ পুত্ৰ তথা এন এছ ইউ আইৰ নেতা তাঞ্জিল হুছেইনে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো একপ্ৰকাৰ নিশ্চিত বুলি দলীয় এক সূত্ৰই জানিবলৈ দিছে ।

কিন্তু এটা সময়ত ৰকিবুল হুছেইনৰ পিতৃ নুৰুল হুছেইনে প্ৰতিনিধিত্ব কৰাৰ পিচত একেৰাহে প্ৰায় ২৩ টা বছৰ ৰকিবুল হুছেইনৰ দখলত থকা চামগুৰি সমষ্টিৰ পৰা ৰকিবুল হুছেইনৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক বিদায় দিয়াৰ হুংকাৰেৰে সমষ্টিটো দখলৰ ৰণকৌশল আৰম্ভ কৰিছে বিজেপি দলে ।

  • চামগুৰিত শৰাইঘাটৰ শেষ ৰণ

উপ নিৰ্বাচনত সমষ্টিটো দখলৰ বাবে বিজেপি দলৰ হৈ বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে প্ৰায় প্ৰতিদিনেই সভা-সমিতি অনুষ্ঠিত কৰি সমষ্টিটোৰ ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে । আনহাতে ২০১৬ চনত "শৰাইঘাটৰ শেষ ৰণ"ক মূল অস্ত্ৰ হিচাপে লৈ শাসনৰ গাদী দখল কৰাৰ দৰেই উপ নিৰ্বাচনত পুনৰ একেটা বিষয়কে মূল অস্ত্ৰ হিচাপে লৈছে বিজেপিয়ে ।

সমষ্টিটোত প্ৰচাৰ চলাই চামগুৰিৰ উপ নিৰ্বাচনক শৰাইঘাটৰ শেষ ৰণ বুলি অভিহিত কৰিছে জিতু গোস্বামীয়ে । লগতে দলৰ সম্ভাব্য প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাক এই ৰণৰ লাচিত বুলি প্ৰচাৰ আৰম্ভ কৰিছে । চামগুৰিত এইবাৰ ৰকিবুল হুছেইনৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিৰুদ্ধে সমষ্টিটোৰ ৰাইজৰ নিৰ্বাচন হ'ব বুলিও প্ৰায় প্ৰতিখন সভাতে দাবী কৰি আহিছে বিজেপিৰ বিধায়ক জিতু গোস্বামীৰ লগতে দলটোৰ সাম্ভাব্য প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাই ।

একেদৰে এটা সময়তে দীৰ্ঘ সময়ত ধৰি সমষ্টিটোত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা ৰকিবুল হুছেইন তথা তেওঁৰ পুত্ৰইও সমষ্টিটো পুনৰ দখলৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :উজনিলৈ উপহাৰ; দিশপুৰৰ পিছত এইবাৰ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ নতুন দৰবাৰ - New secretariat in Dibrugarh

ABOUT THE AUTHOR

...view details