গুৱাহাটী, ১৩ জুন :অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ টোলটেক্সক লৈ এইবাৰ সৰৱ হৈ পৰিছে খোদ শাসকীয় বিজেপিৰেই বিধায়ক । খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে ৰহা টোলগেটৰ টোলটেক্স উঠাই দিবলৈ আহ্বান জনোৱা কাৰ্যই ৰাজ্যত ৰাষ্ট্ৰীয় ঘাইপথৰ পুতৌলগা অৱস্থাটো দাঙি ধৰিছে ।
বিজেপিৰ বিদ্ৰোহী বিধায়ক মৃণাল শইকীয়াই অসমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা উদঙাই টোলটেক্স উঠাই দিবলৈ দেশৰ পথ-পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীলৈ ৰাজহুৱা আহ্বান জনাইছে ৷ সামাজিক মাধ্যম X-ৰ জৰিয়তে মৃণাল শইকীয়াই মাত্ৰ ২৭ ছেকেণ্ডৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ।
এই ভিডিঅ’টোত দেখা গৈছে যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ৰহাৰ টোলগেটৰ ওচৰৰ নিৰ্মাণকাৰ্য চলি থকা ৰাষ্ট্ৰীয় ঘাইপথৰ বোকা-পানীৰে ভৰা বিধ্বস্ত ৰূপ । বিজেপি বিধায়ক মৃণাল শইকীয়াই কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীক আহ্বান জনাই আজি লিখিছে- “নীতিন গাডকাৰী ছাৰ, অনুগ্ৰহ কৰি টোল ল’ব পৰা হোৱালৈকে ৰহা টোলগেটৰ টোল লোৱাটো বাতিল কৰক ।”
উল্লেখ্য যে:কাৰ পৰা হিমন্ত বিশ্ব শৰ্মাক সাৱধান হ’বলৈ ক’লে মৃণাল শইকীয়াই ?