তেজপুৰ, 13 এপ্ৰিল :আকৌ অঘটন ৷ এইবাৰ দুৰ্ঘটনাত পতিত হ’ল অৰুণাচল প্ৰদেশৰ বিধায়ক নিনং এৰিং ৷ জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ পাছিঘাট পশ্চিমত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় বিধায়ক নিনং এৰিং ৷ তথ্য অনুসৰি, নিনং এৰিং হৈছে অৰুণাচলৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্তমানৰ পাছিঘাট বিধানসভাৰ বিজেপি বিধায়ক ৷
বিৱৰণি অনুসৰি, ইষ্ট ছিয়াং জিলাৰ চিলে গাঁৱত আজি নিনং এৰিঙৰ AR 09C 0021 নম্বৰৰ বাহনখন এখন টাটা চুম’ৰ সৈতে মুখামুখি সংঘৰ্ষত পতিত হয় । এই দুৰ্ঘটনাৰ ফলত এৰিঙে মূৰ আৰু হাতত সামান্য পৰিমাণে আঘাত পায় । ঘটনা সংঘটিত হোৱাৰ পিচতে আঘাতপ্ৰাপ্ত নিনং এৰিঙক তৎকালীনভাৱে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ বাতৰি যুগুত কৰা পৰলৈকে লাভ কৰা তথ্য অনুসৰি, তেওঁৰ স্বাস্থ্য ঠিকেই আছে যদিও চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে ৷
জানিব পৰা মতে, এৰিং পাছিঘাটৰ পৰা কংগ্ৰেছৰ বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল ৷ অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ বিজেপি দলত যোগদান কৰে আৰু এইবাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় । এৰিঙে নিৰ্বাচনৰ প্ৰচাৰৰ বাবে শনিবাৰে পুৱা ঘৰৰ পৰা ওলাই যায় ৷ তেতিয়াই এৰিং এই দুৰ্ঘটনাত পতিত হয় বুলি জানিব পৰা গৈছে ।