অসম

assam

ETV Bharat / state

চৰকাৰী আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ, এজনক আটক - BJP leader held - BJP LEADER HELD

BJP leader held for corruption : ৰাজ্যজুৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মধ্যোভোগী বা দালালৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে ৷ এইবাৰ চৰকাৰী আঁচনি ৰূপায়ণত দুৰ্নীতি কৰাৰ অভিযোগত হ’ল আটক হ’ল খোদ বিজেপি নেতা ৷

BJP leader held for corruption
চৰকাৰী আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ, এজনক আটক (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 7:49 PM IST

জোনাই, ১৩ জুন :ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নিকা পদ্ধতিৰে ৰাজ্যত সকলো চৰকাৰী আঁচনি ৰূপায়ণৰ নিৰ্দেশনা দি অহাৰ পিচতো একাংশ মধ্যভোগী দালালৰ উপদ্ৰৱ কমা নাই ৷ এইবাৰ ধেমাজি জিলাৰ চিচিবৰগাওঁ উন্নয়ন খণ্ডৰ অধীনস্থ মুক্তিয়াৰ গাঁও পঞ্চায়তত কেবাখনো চৰকাৰী আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি তথা অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

চৰকাৰী আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ, এজনক আটক (ETV BHARAT ASSAM)

জানিব পৰা অনুসৰি, পঞ্চায়তখনৰ ১০ নং কাকোবাৰী ৱাৰ্ডত ২০২১-২০২২ বৰ্ষৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত কাকবাৰী ধৰ্মপুৰৰ শিৱমন্দিৰ পৰা আবৰগুলি (৫ লাখ), ১ নং কাকোবাৰী এল পি স্কুলৰ পৰা দিশমূৰ সোণাৰী মথাউৰি সংযোগী পথ(৫ লাখ) , ১ নং কাকবাৰী কমিউনিটী হ'ল মেৰামতি (৪.৫০ লাখ টকা) ৰ উপৰিও ৱাৰ্ডটোত কেবাখনো আঁচনিৰ ঠিকা লাভ কৰে পৰিমল বিশ্বাস নামৰ এইগৰাকী বিজেপি নেতাই ৷ কিন্তু লোকজনে পঞ্চায়তখনৰ সচিব আৰু জি আৰ এছৰ সৈতে মিলি কোনোধৰণৰ আঁচনিৰ কাম নকৰাকৈ ভুৱা জবকাৰ্ড প্ৰস্তুত কৰি কেবাটাও বেংক একাউণ্টযোগে ধন মোকলাই নিয়াৰ গুৰুতৰ অভিযোগ তুলিছে পৰিমল বিশ্বাসৰ বিৰুদ্ধে ৷ ইয়াৰ পিচতে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ কৰ্মীয়ে চিলাপথাৰ থানাত দাখিল কৰা গোচৰৰ ভিত্তিত নিশা আৰক্ষীয়ে সোধাপোছাৰ বাবে আটক কৰিছে পৰিমল বিশ্বাসক ।

ধৃত পৰিমল বিশ্বাস চিলাপথাৰ মণ্ডল বিজেপিৰ 201 নং বুথ কমিটিৰ সভাপতি বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, বিজেপি দলৰ নেতা হোৱাৰ সুবাদতেই বিশ্বাসে ৱাৰ্ডৰ বিভিন্ন দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক পি এম ৱাই গৃহ প্ৰদান কৰাৰ নামতো ২০০০ ৰ ৩০০০ হেজাৰ টকাকৈ লোৱাৰ অভিযোগো উত্থাপন কৰিছে ৰাইজে ।

নিৰ্বাচিত প্ৰতিনিধি নথকাৰ বাবে দুৰ্নীতিৰ সমগ্ৰ ঘটনাৰ সৈতে নিশ্চিতভাৱে পঞ্চায়তখনৰ কৰ্মচাৰী জড়িত থকা বুলি উত্থাপন কৰিছে সংগঠনটোৱে । সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিধায়ক ভুৱন পেগু আৰু সাংসদ প্ৰদান বৰুৱাৰ হস্তক্ষেপ বিচাৰিছে ৰাইজে ।

লগতে পঢ়ক:লালগণেশত ৰামৰ ফটোযুক্ত বেনাৰত ফালি দুর্বৃত্তই সানিলে ক'লা ৰং - Crime in Guwahati

ABOUT THE AUTHOR

...view details