অসম

assam

ETV Bharat / state

পঞ্চায়ত নিৰ্বাচন : শাসকীয় দলৰ তৎপৰতাৰ বিপৰীতে নিষ্প্ৰভ বিৰোধী - ASSAM PANCHAYAT ELECTION

বিজেপিয়ে পঞ্চায়ত নির্বাচনত অগপৰে ৰাজ্যিক পৰ্যায়ত মিত্ৰতা নকৰে বুলি ইতিমধ্যে ঘোষণা কৰিছে । বিৰোধী দলবোৰে নিজৰ মাজত যুঁজ কৰাতে ব্যস্ত ।

ASSAM PANCHAYAT ELECTION
আৰম্ভ কৰিছে পঞ্চায়ত নিৰ্বাচনৰ বতাহ বলিবলৈ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 1, 2025, 2:17 PM IST

গুৱাহাটী:দিন ঘোষণা হোৱা নাই যদিও ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বতাহ ইতিমধ্যেই বলিবলৈ আৰম্ভ কৰিছে । বিশেষকৈ শাসকীয় দল বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে । বিজেপিৰ এনে তৎপৰতাৰ বিপৰীতে কিন্তু বিৰোধী শিবিৰ এতিয়াও নিষ্প্ৰভ । বিশেষকৈ কংগ্ৰেছ দলে এতিয়াও বিজেপিৰ দৰে ৰণক্ষেত্রত নামিব পৰা নাই । এক কথাত ক'বলৈ গ'লে বিৰোধীয়ে পঞ্চায়ত নিৰ্বাচনৰ বাবে নাঙল চাঁচি থাকোঁতেই বিজেপি জঁপিয়াই পৰিছে পথাৰত ।

লক্ষণীয় বিষয় যে বিজেপিয়ে পঞ্চায়ত নির্বাচনত মিত্রদল অগপৰে ৰাজ্যিক পৰ্যায়ত মিত্ৰতা নকৰে বুলি ইতিমধ্যে ঘোষণা কৰিছে । অৱশ্যে বিজেপিয়ে স্থানীয় পর্যায়ত প্ৰয়োজনত অগপৰে মিত্রতা কৰাৰ পোষকতা কৰিছে । যাৰ বাবে অগপই ইতিমধ্যেই নিজাববীয়াকৈ ৰণকৌশল প্ৰস্তুত কৰি পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে । বিজেপি আৰু বিজেপিৰ মিত্রদলৰ এনে ৰণকৌশলৰ বিপৰীতে বিৰোধী দলবোৰে এতিয়াও নিজৰ মাজত যুঁজ কৰাতে ব্যস্ত হৈ আছে ।

ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা নকৰো বুলি ঘোষণা কৰিছে যদিও ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ পোষকতা কৰিছে । অৱশ্যে কংগ্ৰেছ দলে স্থানীয় পৰ্যায়ত মিত্রতাৰ পোষকতা কৰিছে আৰু ইয়াৰ বাবে জিলা পৰ্যায়ত কৰ্তৃত্ব প্ৰদান কৰা হৈছে ।

ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সদৰী কৰা মতে, বিজেপিক পৰাভূত কৰিবলৈ হ'লে বিৰোধী মিত্ৰদলবোৰ একত্ৰিতহ'ব লাগিব । সেয়েহে পঞ্চায়ত নির্বাচনেই হওক বা বিধানসভা নাইবা লোকসভাৰ নির্বাচনেই হওক সকলো নির্বাচনতে বিৰোধী দলবোৰ একত্ৰিত হোৱাৰ পোষকতা কৰিছে অখিল গগৈয়ে । অৱশ্যে মিত্রতাৰ পোষকতা কৰিলেও বিধায়ক অখিল গগৈয়ে কংগ্রেছক সমালোচনা কৰাৰ পৰা বিৰত থকা নাই । অখিল গগৈয়ে প্ৰায়ে কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰি আহিছে ।

অখিল গগৈৰ এনে মন্তব্যৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পঞ্চায়ত নিৰ্বাচনত ৰাজ্যিক পৰ্যায়ত মিত্ৰতাৰ পোষকতা কৰা নাই । বৰং ভূপেন বৰাৰ মতে, পঞ্চায়ত নিৰ্বাচনত গম পোৱা যায় কোন দলৰ শক্তি কিমান । ভূপেন বৰাৰ মতে, ৰাজ্যিক পৰ্যায়ত মিত্ৰতা কৰাৰ ক্ষেত্ৰত বহু অসুবিধা আছে । সেয়েহে স্থানীয় পৰ্যায়ত কংগ্ৰেছে কোনো কোনো সমষ্টিত মিত্রতা কৰিলেও সেই সিদ্ধান্ত ল'ব স্থানীয় নেতাসকলেহে ।

লক্ষণীয় বিষয় যে কংগ্ৰেছ তথা আন আন বিৰোধী দলবোৰে পঞ্চায়ত নির্বাচনক লৈ বিশেষ তৎপৰ হোৱা নাই যদিও বিজেপি আৰু অগপই ইতিমধ্যে গাঁৱে গাঁৱে প্ৰাক নির্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে । শেহতীয়াকৈ বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ বাবে নিৰ্বাচন পৰিচালনা কমিটী, ইস্তাহাৰ কমিটী গঠন কৰাৰ লগতে জিলাৰ তত্ত্বাৱধায়ক আৰু সহঃতত্ত্বাৱধায়কো নিযুক্তি দিছে । আনকি জিলাৰ তত্ত্বাৱধায়কৰ দায়িত্ব ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলক দিয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্রী পবিত্র মাৰ্ঘেৰিটাকো ধুবুৰীৰ দৰে জিলাৰ দায়িত্ব দিছে । ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনক অতি গুৰুত্ব সহকাৰে লৈছে আৰু ইয়াৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ।

চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিলে ৰাজ্যিক নিৰ্বাচন আয়োগে :

ইফালে, দিন নিৰ্ধাৰণ হোৱা নাই যদিও পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে অসম ৰাজ্যিক নিৰ্বাচন আয়োগ । ৰাজ্যৰ ২৭ খন জিলাত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক নির্বাচন আয়োগে ইতিমধ্যে প্রকাশ কৰিলে পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা । চূড়ান্ত ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছে ১,৮০,১৪,৯১৩ গৰাকী ভোটাৰৰ নাম । ইয়াৰ ভিতৰত ৯০,৬০,৬৪০জন পুৰুষ ভোটাৰ আৰু ৮৯,৫৩,৮৬৫ গৰাকী মহিলা ভোটাৰ । আনহাতে,তৃতীয় লিংগৰ ভোটাৰ হৈছে ৪০৮ গৰাকী ।

২৭ খন জিলাৰ ৩৯৭টা জিলা পৰিষদ, ১৮১খন আঞ্চলিক পঞ্চায়ত, ২,১৯২ খন গাঁও পঞ্চায়ত আৰু ২১,৯২০ টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব । ৰাজ্যৰ মুঠ ২৪,৮৮৪টা ভোট কেন্দ্ৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন । লক্ষণীয় বিষয় যে সীমা পুনৰ নিৰ্ধাৰণৰ পিছত নতুন ৰূপত হ'ব পঞ্চায়ত নিৰ্বাচন । এইবাৰ নতুন চাৰিসীমাৰে অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নির্বাচনত প্ৰথমবাৰৰ বাবে নাথাকিব দলীয় প্রতীকচিহ্ন । অৱশ্যে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত পৰ্যায়ত দলীয় প্রতীকচিহ্ন থাকিব ।

আনহাতে, ই ভি এমৰ অভাৱত পূৰ্বৰ দৰেই এইবাৰো বেলট পেপাৰতে নির্বাচন অনুষ্ঠিত হ'ব । এইবাৰ আগৰ দৰে পঞ্চায়ত সভাপতিৰ পদৰ বাবে প্ৰত্যক্ষ নির্বাচন নহয় । গাঁও পঞ্চায়তৰ নিৰ্বাচিত সদস্যই নির্বাচন কৰিব পঞ্চায়ত সভাপতিগৰাকীক । ইতিমধ্যে জিলাই জিলাই নতুন চাৰিসীমাৰে নতুন গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ গঠন কৰা হৈছে ।

লগতে পঢ়ক:ৰাজ্যৰ ২৭খন জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ - ASSAM PANCHAYAT ELECTION

নতুন বছৰৰ অংগীকাৰ: ৩৯ বছৰ পিছত আকৌ গাঁৱে চহৰে যাব অগপ - AGP PARTY

ABOUT THE AUTHOR

...view details