ডিব্ৰুগড়:পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে । ইয়াৰ লগে লগে শাসকীয় দল বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত তুলিছে । পঞ্চায়ত নিৰ্বাচনত শাসকীয় দলটোৱে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ যাতে সক্ষম হয় তাৰ বাবে ইতিমধ্যে জিলাই জিলাই আৰু সমষ্টি পৰ্যায়ত দলটোৰ নেতৃত্ব সালসলনি কৰি সাংগঠনিক কামকাজত আগবাঢ়িছে ।
সমষ্টি পৰ্যায়ত মণ্ডল সভাপতি সলনি কৰাৰ লগতে জিলাসমূহত নতুন সভাপতি নিযুক্তি দি পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক দল বিজেপি । বৃহস্পতিবাৰে পঞ্চায়তৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ উজনিৰ তিনিটা লোকসভা সমষ্টিক লৈ ডিব্ৰুগড়ত বিজেপিৰ ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় । ডিব্ৰুগড় জিলা পুথিভঁৰালত ডিব্ৰুগড় লোকসভা, যোৰহাট লোকসভা আৰু লখিমপুৰ লোকসভাক সামৰি অনুষ্ঠিত হয় পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সভা ।
পঞ্চায়ত নিৰ্বাচনক লৈ অনুষ্ঠিত দ্বিতীয়খন পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সভাত কেৱল উজনিৰ তিনিটা সমষ্টিক লৈহে আলোচনা কৰিছে বিজেপিৰ ৰাজ্যিক নেতৃত্বই । পৰ্যায়ক্ৰমে আন সমষ্টিক লৈ পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সভা অনুষ্ঠিত কৰিব । ডিব্ৰুগড়, যোৰহাট আৰু লখিমপুৰ লোকসভাক সামৰি অনুষ্ঠিত আজিৰ সভাত উপস্থিত থাকে দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী ৰণোজ পেগু, প্ৰশান্ত ফুকনৰ উপৰি প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈৰ লগতে ৰাজ্যিক সম্পাদক, তিনিটা লোকসভা সমষ্টিৰ বহু কেইজন বিধায়ক, জিলা সমিতিৰ সভাপতি আৰু বিজেপিৰ বিভিন্ন পৰ্যায়ৰ নেতাসকল ।
এই পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সভাত ডিব্ৰুগড় লোকসভা, যোৰহাট লোকসভা আৰু লখিমপুৰ লোকসভাক সামৰি পঞ্চায়ত নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰি দলীয় কৰ্মীসকলক নিজা নিজা দায়িত্বৰ বিষয়ে অৱগত কৰে ৰাজ্যিক নেতৃত্বই ।
নতুন নিয়ম অনুসৰি হ'বলগা পঞ্চায়ত নিৰ্বাচনক লৈ আলোচনা: