অসম

assam

ETV Bharat / state

স্বচ্ছ-শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু বিশ্বনাথ জিলা প্ৰশাসন

বিশ্বনাথৰ বিহালী সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু বিশ্বনাথ জিলা প্ৰশাসন । বিশ্বনাথৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ সংবাদমেল ।

By ETV Bharat Assamese Team

Published : 5 hours ago

Biswanath district administration ready to hold elections
নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু বিশ্বনাথ জিলা প্ৰশাসন (ETV Bharat Assam)

বিশ্বনাথ:বিহালী বিধানসভা সমষ্টিৰ সমাগত উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে শুকুৰবাৰে বিশ্বনাথৰ জিলা নিৰ্বাচনী বিষয়া তথা বিশ্বনাথৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই এখন সংবাদমেল সম্বোধন কৰে । জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত অনুষ্ঠিত সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্তগৰাকীয়ে ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ সময়সূচী প্ৰকাশ কৰাৰ লগতে তেওঁ উল্লেখ কৰে কেইবাটিও বিষয় ।

তেওঁ কয়,"বিশ্বনাথ জিলা নিৰ্বাচন কাৰ্যালয়ে ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন মুক্ত, নিৰপেক্ষ, অংশগ্ৰহণমূলক, সুলভ, সামগ্ৰিক, স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে ।" সংবাদমেলত জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি ১৩ নবেম্বৰত অনুষ্ঠিত হ'ব লগা ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে শুকুৰবাৰে অৰ্থাৎ ১৮ অক্টোবৰত নিৰ্বাচনৰ জাননী জাৰি কৰা হৈছে । সেইদৰে মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিলৰ অন্তিম দিন হৈছে ২৫ অক্টোবৰ ।

নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু বিশ্বনাথ জিলা প্ৰশাসন (ETV Bharat Assam)

আয়ুক্তগৰাকীয়ে উল্লেখ কৰে,"২৮ অক্টোবৰত এই মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু ৩০ অক্টোবৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন নিৰ্দ্ধাৰণ কৰা হৈছে । অহা ১৩ নবেম্বৰত ভোটগ্ৰহণ কৰা হ'ব আৰু ২৩ নবেম্বৰত ভোট গণনা সম্পন্ন হ'ব ।" ভাৰতৰ নিৰ্বাচন আয়ুক্তই নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ লগে লগেই বিশ্বনাথ জিলাতো নিৰ্বাচনৰ আচৰণ বিধি বলবৎ হোৱাৰ কথা উল্লেখ কৰি জিলা নিৰ্বাচনী বিষয়া মুনীন্দ্ৰ নাথ ঙাটেই সমষ্টিটোত নিকা আৰু মুক্ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰি এইক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে ।

লগতে পঢ়ক:প্ৰাৰ্থী ঘোষণা নহ’লেও প্ৰচাৰত নামিল পীযুষ হাজৰীকা; বিহালীৰ পৰা কংগ্ৰেছক কটাক্ষ

বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব বিজেপিৰ নেতা !

ABOUT THE AUTHOR

...view details