ডিব্ৰুগড়:অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰ অভিযুক্ত বিশাল, চুমী আৰু তাৰ্কিকক শুকুৰবাৰে পুনৰ অনা হয় ডিব্ৰুগড়ৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত । পিছে শুনানি সম্পূৰ্ণ নোহোৱাত ১৭ জানুৱাৰীত শুনানিৰ দিন ধাৰ্য কৰি নিশাই পুনৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় তিনিওকে । ইতিমধ্যে বিশাল, চুমী, তাৰ্কিকক লৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ অভিমুখে ৰাওনা হৈছে বাহন ।
বিগত বৰ্ষত সংঘটিত হোৱা অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ ঘটনাই জোকাৰি গৈছিল ৰাজ্য । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় সদৰ থানাৰ লগতে আন কেইবাখনো থানাত ৰুজু হৈছিল অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ গোচৰ । অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ অসম আৰক্ষীয়ে চি বি আইলৈ হস্তান্তৰ কৰিছিল । ইয়াৰ পাছতে ডিব্ৰুগড়ত বাহৰ পাতি তদন্ত আৰম্ভ কৰিছিল চি বি আইৰ দলে ।
ডিব্ৰুগড় সদৰ থানাত ৰুজু হোৱা বিশাল ফুকন আৰু ৰঞ্জিত কাকতিক ট্ৰেডিং সম্পৰ্কীয় দুই গোচৰত তদন্ত কৰিছিল চি বি আয়ে । ইয়াৰ পাছতে যোৱা ২৫ অক্টোবৰত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা বিশাল ফুকন, চুমী বৰা, তাৰ্কিক বৰা, ৰঞ্জিত কাকতিক চি বি আইৰ দলে নিজৰ জিম্মাত লৈ গুৱাহাটীলৈ লৈ গৈছিল । ইতিমধ্যে চি বি আয়ে ৰুজু কৰা গোচৰৰ পৰা জামিন লাভ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ গোচৰত আটক কৰা বহু কেইজন অভিযুক্তই ।
কিন্তু ইয়াৰ মাজতে শুকুৰবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ডিব্ৰুগড়লৈ অনা হয় চুমী, বিশাল আৰু তাৰ্কিকক । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেদি পুনৰ ডিব্ৰুগড় পায়হি অনলাইন ট্ৰেডিং কেলেংকাৰীত জড়িত চুমী বৰা, বিশাল ফুকন আৰু তাৰ্কিক বৰা । ডিব্ৰুগড়ৰ বৰবৰুৱা থানা আৰু দুলীয়াজান থানাৰ গোচৰত গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ অনা হয় তিনিওকে ।
বৰবৰুৱা থানাৰ ৮৫/২৪ নং আৰু দুলীয়াজান থানাৰ ১৯৮/২৪ নং গোচৰত শুনানিৰ বাবে অনা হয় ডিব্ৰুগড়লৈ । শুকুৰবাৰে বিয়লি গুৱাহাটীৰ পৰা পোনে পোনে তিনিওজনকে হাজিৰ কৰোৱা হয় ডিব্ৰুগড়ৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত । আদালতত হাজিৰ কৰোৱাৰ পাছত পুনৰ তিনিওকে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হয় ।
কেতিয়া ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিছিল বিশাল ফুকন: