অসম

assam

ETV Bharat / state

হেকাৰৰ কবলত বিদুৰভাইৰ ইউ টিউব চেনেল - Bidurbhai YouTube channel hacked

হেক হৈছে বিদুৰভাইৰ YouTube চেনেল Rootstock Entertainments । চেনেলটোৰ বেনাৰত নিৰ্মাণ হ'বলগীয়া ছবিখনৰ প্ৰথমটো গীত মুক্তিৰ পাচতেই হেক হৈছে চেনেলটো । অনুৰাগীৰ মাজত হাহাকাৰ ।

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 9:20 PM IST

Rootstock Entertainments YouTube channel hacked Today
হেক হৈছে বিদুৰভাইৰ YouTube চেনেল Rootstock Entertainments

গুৱাহাটী,২ এপ্ৰিল:হেকাৰৰ কবলত জনপ্ৰিয় ৱেব চিৰিজ বিদুৰভাইৰ YouTube চেনেল । Rootstock Entertainments ত সোমবাৰে মুক্তি লাভ কৰিছিল 'বিদুৰভাই' ছবিখনৰ প্ৰথমটো গীত 'দে ভগৱান' । গীতটি মুক্তিৰ পাচতেই মঙলবাৰে হেক কৰা হয় চেনেলটো । ছবিখনৰ পৰিচালক সুব্ৰত কাকতিয়ে এক ফেচবুক প'ষ্টযোগে সদৰী কৰে এই কথা । ফেচবুক প'ষ্টযোগে পৰিচালকগৰাকীয়ে কয়,"আমাৰ YouTube চেনেল Rootstock Entertainments হেক কৰা হৈছে । চেনেলটো ওভতাই অনাৰ বাবে আমি কাম কৰি আছো । 'দে ভগৱান' গীতটি নিশাৰ ভিতৰতে ৮০ হাজাৰ দৰ্শন অতিক্ৰম কৰিছিল ।" মাইক্ৰফাইন্স বিত্তীয় প্ৰতিষ্ঠানৰ কৰাল গ্ৰাসত পৰা অসমৰ গ্ৰাম্য সমাজৰ লগতে লকডাউনৰ বাবে চৰম আৰ্থিক অনাটন, গ্ৰামাঞ্চলৰ মহিলা গোটৰ সুখ-দুখসমূহকে কাহিনীৰ আধাৰ বা পটভূমি হিচাপে নিৰ্মাণ কৰা অসমীয়া ৱেব চিৰিজ আছিল বিদুৰভাই ।

পৰিচালক সুব্ৰত কাকতিৰ ফেচবুক প'ষ্ট

প্ৰায় দুবছৰ পূৰ্বে মুক্তি লাভ কৰা ৱেব চিৰিজখন, মুক্তিৰ পিচৰে পৰা প্ৰতিটো খণ্ড ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছিল । তাৰ পাচতেই বিদুৰভাই-২ ৰ বাবে অপেক্ষাৰত আছিল দৰ্শক । অৱশেষত ২০২৪ বৰ্ষৰ আৰম্ভনিতে ভাল খবৰ দিছিল টীম বিদুৰভায়ে । বিদুৰভাই -২ এইবাৰ ৱেব চিৰিজ হিচাপে নহয়, ছবি হিচাপে শীঘ্ৰেই ছবিগৃহলৈ অহাৰ কথা জনাইছিল টীমটোৱে ।

ইতিমধ্যে ছবিখনৰ শ্বুটিঙৰ কামো প্ৰায় সম্পূৰ্ণ হৈছে বুলি জানিব পৰা গৈছে । ছবি শীঘ্ৰেই মুক্তি দিয়াৰ কথা ঘোষণা কৰাৰ পাচতেই সোমবাৰে ছবিখন শীৰ্ষ সংগীত হিচাপে বিবেচিত হোৱা 'দে ভগৱান' গীতটি মুক্তি দিয়া হৈছিল আৰু দৰ্শকে অভূতপূৰ্ব সঁহাৰি দি ২৪ ঘন্টা নৌহওতেই ৮১ হাজাৰ ভিউ অতিক্ৰম কৰিছিল । কিন্তু ইয়াৰ পিচতেই মঙলবাৰে বিয়লিভাগত হেকাৰৰ কবলত পৰে YouTube চেনেলটো ।

চেনেলটোৰ একাউণ্টত ফেচবুক প'ষ্ট

উল্লেখযোগ্য যে হেকাৰৰ কবলত কেৱল বিদুৰভাইৰ Rootstock Entertainments চেনেলটোৱেই নহয়, বৰ্তমান সময়ত হেকাৰসকলৰ টাৰ্গেট হৈ পৰিছে কণ্ঠশিল্পীসকলো ।দীক্ষু শৰ্মাৰ পৰা আৰম্ভ কৰি নীলোৎপল বৰালৈকে বহু কেইগৰাকী অসমীয়া কণ্ঠশিল্পীৰ ইউ টিউব একাউণ্ট সমূহো হেকাৰৰ কবলত পৰা পৰিলক্ষিত হৈছিল । ইফালে Rootstock Entertainments চেনেলটোৰ এই খবৰ পোৱা মাত্ৰকে অনুৰাগীসকলো চিন্তিত হৈ পৰা দেখা গৈছে ।

লগতে পঢ়ক:জুবিন নৌটিয়ালৰ শ্ব’ বাতিলৰ বিতৰ্ক : স্পষ্টীকৰণ দিলে উদ্যোক্তাই - Jubin Nautiyal Music Concert

ABOUT THE AUTHOR

...view details