অসম

assam

ETV Bharat / state

খোদ দিছপুৰতে ১০০ শতাংশ কাম-কাজ ইংৰাজীত চলে: পলাশ চাংমাইৰ ক্ষোভ

ৰাজ্যজুৰি চলিছে ভাষা গৌৰৱ সপ্তাহ ৷ জিলাই জিলাই আয়োজন কৰা হৈছে ভিন্ন কাৰ্যসূচী ৷ চৰকাৰৰ পদক্ষেপত ক্ষোভ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ।

AJYCP President
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 6, 2024, 8:54 AM IST

ধেমাজি :ৰাজ্যত পালন কৰা হৈছে 'ভাষা গৌৰৱ সপ্তাহ'। যোৱা ৩ নৱেম্বৰৰ পৰা অহা ৯ নৱেম্বৰলৈ চলিছে এই ভাষা গৌৰৱ সপ্তাহ । ৰাজ্য় চৰকাৰৰ উদ্যোগত পালন কৰা হৈছে ভাষা গৌৰৱ সপ্তাহ । অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে মৰ্যাদা প্ৰদানৰ পাছতে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিলেও এতিয়াও চৰকাৰৰ কাৰ্যকলাপত সন্তুষ্ট নহয় বহুতো দল-সংগঠনৰ নেতা ।

এইক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইয়ে । চৰকাৰৰ নিৰ্দেশ মতে ৰাজ্যৰ সকলোতে অসমীয়া ভাষাক লৈ ভাষা গৌৰৱ দিৱস উদযাপন কৰি থকাৰ সময়তে অসমীয়া ভাষা প্ৰয়োগৰ ক্ষেত্ৰতো চৰকাৰৰ ভূমিকা তথা চৰকাৰৰ সংজ্ঞাক লৈ কেতবোৰ প্ৰশ্ন অৱতাৰণা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই (ETV Bharat Assam)

মঙলবাৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাইয়ে ধেমাজিত সুধাকণ্ঠৰ মৃত্যু তিথিৰ সৈতে সংগতি ৰাখি আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত অসমীয়া ভাষাৰ অস্তিত্বক লৈ আক্ষেপেৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইয়ে চৰকাৰে ভাষা আইন প্ৰৱৰ্তন কৰি চৰকাৰী-বেচৰকাৰী সকলোতে অসমীয়া ভাষা প্ৰয়োগ কৰিবলৈ দাবী জনায় ৷ ভাষা আইন গৃহত কৰা খোদ দিছপুৰতে ১০০ শতাংশ কাম কাজ, বিভিন্ন কাৰ্যালয়, বিদ্যালয় আদিত ইংৰাজী ভাষা চলে বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে ।

সেয়ে অসমীয়া ভাষাক চহকী আৰু শক্তিশালী কৰাৰ বাবে চৰকাৰৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি প্ৰকৃততে চৰকাৰে কি কৰিব লাগে আৰু কৰি আছে কি বুলি প্ৰশ্ন কৰে চাংমায়ে ৷ সম্প্ৰতি চৰকাৰৰ সংজ্ঞা নিৰূপণত বিসংগতি হোৱা বুলিও মন্তব্য় কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক:অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ সন্মানাৰ্থে ৰাজ্য চৰকাৰৰ উদ্যোগত ভাষা গৌৰৱ সপ্তাহ

আৰম্ভ হ’ল ভাষা গৌৰৱ সপ্তাহ; অসমবাসীলৈ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details