অসম

assam

ETV Bharat / state

অসমীয়া সংস্কৃতিৰ সৈতে জড়িত নহয় ভূপেন বৰা ! - ASSAM BEEF CONTROVERSY

গো-মাংসৰ বিতৰ্কৰ মাজতে সমালোচনাৰ সন্মুখীন হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ।

Assam Beef Controversy
অসমীয়া সংস্কৃতিৰ সৈতে জড়িত নহয় ভূপেন বৰা ! (ETV Bharat)

By ETV Bharat Assamese Team

Published : Dec 7, 2024, 3:01 PM IST

মাজুলী :"প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা অসমীয়া সংস্কৃতিৰ লগত জড়িত নহয় । অসমীয়া সংস্কৃতিৰ প্ৰতি ভূপেন বৰাৰ কোনো আনুগত্য নাই ।" কংগ্ৰেছ নেতাজনক এনেদৰে উভতি ধৰিলে মাজুলী বৰ এলেঙী সত্ৰৰ সত্ৰীয়া পুতুল চন্দ্ৰ মহন্তই ।

গো-মাংস বিতৰ্ক

অসমীয়া সংস্কৃতিৰ সৈতে জড়িত নহয় ভূপেন বৰা ! (ETV Bharat)

শেহতীয়াকৈ ৰাজ্যত গো-মাংসক লৈ বিতৰ্ক অব্যাহত আছে । ৰাজ্য চৰকাৰৰ কেবিনেটে ইতিমধ্যে গো-মাংস নিষিদ্ধ কৰাৰ সিদ্ধান্তৰ বিষয়েও ঘোষণা কৰিছে । লগে লগে বিৰোধীয়ে মুখ্যমন্ত্ৰীক সমালোচনা আৰম্ভ কৰিছে । ইফালে কংগ্ৰেছ সভাপতি ভূপেন বৰাই গো-মাংস প্ৰসংগত শ্ৰীমন্ত শংকৰদেৱ আৰু চাওলুং চ্যুকাফাক টানি আনিছিল ।

তাৰ পিছতে বিভিন্ন মহলে ভূপেন বৰাক সমালোচনা কৰিছে । সত্ৰনগৰী মাজুলীত এই বিষয়ক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ভূপেন বৰাক সমালোচনা

বিষয়টো সন্দৰ্ভত মাজুলী বৰ এলেঙী সত্ৰৰ সত্ৰীয়া পুতুল চন্দ্ৰ মহন্তই কয়, "ভূপেন বৰাই অলপ বেছিকৈ কৈছে । এগৰাকী অসমীয়া হিচাপে কেতিয়াও এনে কথা ক'ব নালাগে । অসমৰ মূল নেতাজনেই হ'ল মহাপুৰুষ শংকৰদেৱ । অসমখন চলিছো শংকৰদেৱৰ আধাৰত । শংকৰদেৱ আৰু মাধৱদেৱৰ নীতি-আদৰ্শতে আমি চলি আছো । আগতে কোনে কেনেকৈ চলাইছিল সেইটো নহয় । তেওঁলোকৰ আদৰ্শত অসমখন শৃংখলিত হৈ আছে । গো-মাংস উত্তেজক খাদ্য । এই কথা ভূপেন বৰাই ভবা উচিত । ইয়াত তেওঁ কোনো বিদেশৰ নেতাৰ কথা উল্লেখ কৰিব নালাগে । শংকৰদেৱক অৱমানিত কৰাৰ বাহিৰে তেওঁ একো কৰা নাই ।’’

তেওঁ লগতে কয়, "প্ৰকৃততে তেওঁ নাস্তিক । ভূপেন বৰাৰ কথাই অসমীয়া ৰাইজক যে ডুবাব, তেওঁ এটা বিশেষ শ্ৰেণীকহে চিনি পায় । অসমীয়া বুলি তেওঁ গৌৰৱ কৰাটো একেবাৰে দুৰ্ভাগ্যজনক । ভূপেন বৰাৰ সংস্কৃতিৰ লগত আমাৰ অসমীয়া সংস্কৃতি নিমিলে । তেওঁ বেলেগ সংস্কৃতিৰ মানুহ । তেওঁ এজন ৰাজনৈতিক নেতা হিচাপে জীয়াই থাকিব বিচাৰিছে কিন্তু সংস্কৃতি অবিহনে যে ৰাজনৈতিক নেতা হিচাপে জীয়াই থাকিব নোৱাৰে সেইটো ধ্ৰুৱ সত্য । নিশ্চিতভাৱে এদিন তেওঁৰ পতন ঘটিব । কংগ্ৰেছে তেওঁক পদবীৰ পৰা আঁতৰাই দিয়া ভাল ।"

ইফালে সত্ৰীয়াজনে গো-মাংস নিষিদ্ধৰ ক্ষেত্ৰত চৰকাৰে লোৱা সিদ্ধান্তক আদৰণিও জনায় । একেদৰে হিন্দু ৰাষ্ট্ৰ দাবী সমিতিৰ কেন্দ্ৰীয় অধ্যক্ষ তথা দক্ষিণপাট গৃহ আশ্ৰমী সত্ৰৰ সত্ৰীয়া জনাৰ্দন দেৱ গোস্বামীয়েও ভূপেন বৰাক তীব্ৰ সমালোচনা কৰে ।

অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তক সমৰ্থন জনাই তেওঁ কয়, "ভূপেন বৰাই কোৰাণত গো-মাংস ভক্ষণ কৰাৰ কথা আছেনে নাই তাক প্ৰকৃতাৰ্থত নাজানে, যাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ আৰু চাওলুং চ্যুকাফাক টানি আনিছে । কোৰাণত ক'তো উল্লেখ নাই যে গো-মাংস ভক্ষণ কৰিব লাগিব । এইখনতো ইছলামিক স্থান নহয় যে গো-মাংস ভক্ষণ কৰিবই লাগিব । অসম সনাতন হিন্দু ৰাজ্য ৷ গতিকে এই ৰাজ্যত গো-মাংস নিষিদ্ধ কৰাটো আদৰণীয় পদক্ষেপ ।"

লগতে পঢ়ক :২০২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ গো-মাংস প্ৰংসগ উত্থাপন; ঈদগাহ সমিতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details