কোকৰাঝাৰ,২৩ জানুৱাৰী:বড়ো জনগোষ্ঠীৰ অন্যতম এক পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠান হ'ল পবিত্ৰ বাথৌ দিৱস অৰ্থাৎ গৌথাৰ বাথৌ সান । মঙলবাৰে কোকৰাঝাৰত উদযাপন কৰা হয় এই গৌথাৰ বাথৌ সান ৷ কোকৰাঝাৰ চহৰৰ বাথৌ থানশালী অৰ্থাৎ বাথৌ মন্দিৰত দিনজোৰা ভক্তিমূলক কাৰ্যসূচীৰে আজি উদযাপন কৰা হয় পবিত্ৰ বাথৌ দিৱস ৷ বাথৌ দিৱস উদযাপনক কেন্দ্ৰ কৰি মঙলবাৰে পুৱাৰে পৰা অগণন ভক্তৰ সমাগমেৰে এক উখল-মাখল পৰিৱেশ বিৰাজ কৰে কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ বাগানশালীস্থিত বাথৌ থানশালীত ৷
এই উপলক্ষে আয়োজন কৰা হয় বিভিন্ন কাৰ্যসূচী । পুৱা পতাকা উত্তোলনৰে বাথৌ সান উদযাপনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সদৌ বাথৌ মহাসভাৰ সভাপতি টিকেন্দ্ৰ বসুমতাৰীয়ে ৷ ইয়াৰ পাছতে সমূহীয়া প্ৰাৰ্থনা সভা আৰু বিভিন্ন কাৰ্যসুচীৰে পবিত্ৰ বাথৌ দিৱস উদযাপন কৰা হয় ৷ ইফালে সমাজত অপায় অমংগল দুৰ কৰি শান্তিৰ কামনাৰে বাথৌ থানশালী প্ৰাংগনত অনুষ্টিত সমূহীয়া প্ৰাৰ্থনা সভাত অংশ লয় বড়ো জনগোষ্ঠীৰ শ শ ভক্তবৃন্দই ৷