অসম

assam

ETV Bharat / state

ৰাজনৈতিক জীৱন আৰম্ভ কৰিলে প্ৰতিবাদী সত্তাৰ গৰাকী বৰ্ষাশ্ৰী বুঢ়াগোঁহায়ে - Raijor dol jorhat joining programme

Raijor dol joining programme in Jorhat : বিধায়ক অখিল গগৈৰ উপস্থিতিত শতাধিক কংগ্ৰেছ-বিজেপি কৰ্মীৰ ৰাইজৰ দলত যোগদান ৷ প্ৰতিবাদী কণ্ঠ বৰ্ষাশ্ৰী বুঢ়াগোঁহায়েও আৰম্ভ কৰিলে ৰাজনৈতিক জীৱন ৷

By ETV Bharat Assamese Team

Published : May 25, 2024, 11:05 AM IST

Congress BJP workers join Raijor dol in jorhat
কংগ্ৰেছ-বিজেপি কৰ্মীৰ ৰাইজৰ দলত যোগদান (Etv bharat assam)

যোৰহাট, 25 মে’ :"মাটিৰ লগত কাৰো ক’তো সম্পৰ্ক-চম্পৰ্ক নাই ৷ এনে ওপৰতে আহে, পইচাকেইটামান ছটিয়াই দিয়ে, হিন্দ-মুছলমানৰ কথা কৈ ভোট লৈ গুছি যায় ৷ পাছত পুৰা পাঁচ বছৰ মস্তি কৰা ৷ আমি যদি কেতিয়াবা সঁচাকৈ ক্ষমতালৈ আহো আমি পাঁচ বছৰত পাঁচটা কাম কৰিম ৷ সকলো পথাৰতে পাঁচ বছৰ ভিতৰত পানী যোগানৰ ব্যৱস্থা কৰাটো আমাৰ প্ৰথম কৰণীয় ৷’’ যোৰহাটত অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি দলটোৰ হাতলৈ ক্ষমতা আহিলে দলটোৰ লক্ষ্য আৰু পৰিকল্পনা উপস্থিত ৰাইজৰ আগত প্ৰকাশ কৰে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ৷

কংগ্ৰেছ-বিজেপি কৰ্মীৰ ৰাইজৰ দলত যোগদান (Etv bharat assam)

‘‘দ্বিতীয়তে উৎপাদিত সকলো সামগ্ৰীৰ উচিত দাম দিয়া ৷ তৃতীয়তে ফুটপাথৰ পৰা মলটো পৰ্যন্ত অসমীয়াৰ হাতত ৰাখিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা ৷ অসমত উৎপাদিত বস্তুবিলাকেৰে পৃথিৱীৰ বজাৰ দখল কৰাটো আমাৰ হ’ব চতুৰ্থ লক্ষ্য আৰু গাঁৱে গাঁৱে উদ্যোগ স্থাপন কৰাটো আমাৰ বাবে হ’ব পঞ্চম কৰণীয় ৷" বিধায়ক গগৈয়ে কয় ৷

একেটা অনুষ্ঠানতে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলকে কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ দুয়োখন চৰকাৰে বিগত সময়ত গ্ৰহণ কৰি অহা উন্নয়ন আৰু আঁচনিৰ প্ৰসংগত ক্ষুৰধাৰ সমালোচনা কৰে বিধায়ক গগৈয়ে ৷

ৰাইজৰ দলত যোগদান বৰ্ষাশ্ৰী বুঢ়াগোঁহাইৰ (Etv bharat assam)

উল্লেখ্য যে, বৃহস্পতিবাৰে যোৰহাটত অনুষ্ঠিত হোৱা ৰাইজ দলৰ এক বৃহৎ যোগদান সমাৰোহ অনুষ্ঠানত বিধায়ক অখিল গগৈৰ উপস্থিতিত কংগ্ৰেছ, বিজেপিকে ধৰি প্ৰায় দুই শতাধিক লোকে ৰাইজৰ দলত যোগদান কৰে ৷ গগৈয়ে অসমৰ হকে কাম কৰিবলৈ ইচ্ছুক সকলো যোগদানকাৰীকে দললৈ আদৰণি জনায় ।

এই অনুষ্ঠানতে কবিতা লিখি ৰাষ্ট্ৰযন্ত্ৰৰ ৰোষত পৰা প্ৰতিবাদী কন্ঠ বৰ্ষাশ্ৰী বুঢ়াগোঁহায়েও অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলত যোগদান কৰে ।

লগতে পঢ়ক:অখিল গগৈৰ মন্তব্য কংগ্ৰেছ দলৰ নেতা-কৰ্মীৰ বাবে একেবাৰে গ্ৰহণযোগ্য নহয় : দেৱব্ৰত শইকীয়া - Bhupen Borah Letter To Akhil Gogoi

ABOUT THE AUTHOR

...view details