অসম

assam

ETV Bharat / state

গুৱাহাটীৰ হোটেলত বাংলাদেশৰ ক্ৰীড়া প্ৰশিক্ষকৰ মৃত্যু - BANGLADESHI BADMINTON UMPIRE

গুৱাহাটীত হৈ-চৈ ৷ কিয়নো বিলাসী হোটেলৰ কোঠাত এইবাৰ উদ্ধাৰ হৈছে ক্ৰীড়া প্ৰশিক্ষকৰ মৃতদেহ ৷

Bangladeshi badminton umpire
ক্ৰীড়া প্ৰশিক্ষকৰ মৃত্যু (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 10, 2024, 7:01 AM IST

Updated : Dec 10, 2024, 10:10 AM IST

গুৱাহাটী :গুৱাহাটীত আকৌ উদ্ধাৰ হৈছে মৃতদেহ ৷ এই মৃতদেহটোক লৈ চাৰিওফালে হুলস্থূল ৷ তথ্য মতে, গুৱাহাটী মহানগৰীৰ বশিষ্ঠ চাৰিআলিত থকা এখন বিলাসী হোটেলত উদ্ধাৰ হৈছে এই মৃতদেহটো । বশিষ্ঠৰ হোটেল ৰত্ন মৌলি পেলেচৰ কোঠাত উদ্ধাৰ হোৱা মৃতদেহটো বাংলাদেশৰ এজন বেডমিণ্টন প্ৰশিক্ষকৰ বুলি জানিব পৰা গৈছে । তেওঁ হৈছে বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচনৰ স্বীকৃতিপ্ৰাপ্ত আম্পায়াৰ মহম্মদ নাজিব ইছমাইল ৰাছেল‌ (৫২)৷

উল্লেখ্য যে সৰুসজাইৰ নবীন চন্দ্ৰ বৰদলৈ ইনড'ৰ ষ্টেডিয়ামাত অনুষ্ঠিত হৈ আছিল আন্তর্জাতিক বেডমিন্টন প্ৰতিযোগিতা ৷ এই বেডমিন্টন প্ৰতিযোগিতা চলি থকাৰ সময়তে এজন প্ৰশিক্ষকৰ মৃত্যুৰ বাতৰিয়ে শোকাস্তব্ধ কৰি তুলিছে সকলোকে ৷ জানিব পৰা মতে, ভাৰতীয় বেডমিন্টন ফেডাৰেচনৰ সহযোগত অসম বেডমিন্টন সন্থাই ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ৩ ডিচেম্বৰৰ পৰা মহানগৰীত আয়োজন কৰা প্ৰতিযোগিতাখন দেওবাৰে সমাপ্ত হৈছিল ।

ইফালে আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, শনিবাৰে খেল পৰিচালনাৰ সময়ত তেওঁ উপস্থিত নোহোৱাত আয়োজকসকলে হোটেলত খা-খবৰ কৰে । তাৰ পাছতে হোটেলৰ কৰ্মচাৰীয়ে মহম্মদ নাজিব ইছমাইল ৰাছেল‌ৰ কোঠাৰ কাষত গৈ মাত দিয়ে ৷ কিন্তু কোঠাৰ ভিতৰৰ পৰা কোনো সঁহাৰি নোপোৱাত তেওঁলোকে আৰক্ষীক খবৰ দিয়ে ।

পৰৱৰ্তী সময়ত আৰক্ষীৰ উপস্থিতিত দুৱাৰ ভাঙি কোঠাৰ ভিতৰত প্ৰৱেশ কৰাত কোঠাৰ ভিতৰতে মহম্মদ নাজিব ইছমাইল ৰাছেল‌ পৰি থকা প্ৰত্যক্ষ কৰা হয় ৷ তাৰ পাছতে হোটেলৰ কৰ্মচাৰীৰ সহযোগত আৰক্ষীয়ে স্থানীয় হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।

দেওবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতাল (GMCH)ত নাজিব ইছমাইল ৰাছেল‌ৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় ৷ লগতে সোমবাৰে পৰিয়ালৰ লোকক নাজিব ইছমাইল ৰাছেল‌ৰ মৃতদেহটো চমজাই দিয়া হয় ।

আৰক্ষীয়ে প্ৰাথমিক তদন্তত বাংলাদেশৰ বেডমিণ্টন প্ৰশিক্ষক নাজিব ইছমাইল ৰাছেল‌ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সন্দেহ কৰিছে ৷ অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে সকলো তথ্য পোহৰলৈ আহিব বুলি কয় মহানগৰ আৰক্ষীয়ে ।

উল্লেখ্য যে মৃত নাজিব ইছমাইল ৰাছেল‌ বাংলাদেশ বেডমিন্টন ফেডাৰেচনৰ কাৰ্যবাহী সদস্যৰ লগতে আন্তর্জাতিক বেডমিন্টন সংস্থাৰ পেনেলভুক্ত আম্পায়াৰ আছিল ৷

লগতে পঢ়ক :একেলগে সন্ধিয়াৰ চাহকাপ খাই চিৰদিনলৈ চকু মুদিলে একেটা পৰিয়ালৰ তিনি সদস্যই
Last Updated : Dec 10, 2024, 10:10 AM IST

ABOUT THE AUTHOR

...view details