অসম

assam

ৰঞ্জিত কাকতিৰ জামিন নাকচ আদালতৰ; Trading FXৰ জৰিয়তে কোটি কোটি টকা আত্মসাতৰ অভিযোগ - Online Trading Scam

By ETV Bharat Assamese Team

Published : 7 hours ago

Trading scam accused Ranjit Kakati: Trading FX নামৰ অনলাইন ট্ৰেডিং এপৰ অসমৰ দায়িত্বত থকা ৰঞ্জিত কাকতিৰ জামিন নাকচ আদালতৰ ৷ ৩ ছেপ্টেম্বৰত ডিব্ৰুগড় চহৰৰ জীৱন ফুকন নগৰৰ পৰা ৰঞ্জিত কাকতিক গ্ৰেপ্তাৰ কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে ৷ বৃহস্পতিবাৰে আদালতত হাজিৰ কৰোৱা ৰঞ্জিত কাকতিৰ জামিনৰ বাবে অধিবক্তাই আবেদন কৰিছিল ।

Tarding scam accused  Ranjit Kakati
ৰঞ্জিত কাকতিৰ জামিন নাকচ আদালতৰ (ETV Bharat)

ডিব্ৰুগড়, ১৯ ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ পৰা অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনা নোহোৱা কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়াৰ পিচতে তৎপৰ হৈছে আৰক্ষী ৷ গুৱাহাটী, ডিব্ৰুগড়ৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আটক কৰা হৈছে কেবাজনো অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি তথা সংগ্ৰহ কৰি প্ৰৱঞ্চনাৰ অভিযুক্তক ।

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশত ডিব্ৰুগড় সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনাৰ অভিযুক্ত ২২ বছৰীয়া বিশাল ফুকনক ৷ তাৰ পিচতে Trading FX নামৰ অনলাইন মানি ট্ৰেডিং কোম্পানীৰ বিৰুদ্ধে উত্থাপিত প্ৰৱঞ্চনাৰ অভিযোগৰ সন্দৰ্ভত নিজাকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ইতিমধ্যে Trading FX নামৰ অনলাইন মানি ট্ৰেডিঙৰ অসমৰ দায়িত্বত থকা ৰঞ্জিত কাকতিক যোৱা ৩ ছেপ্টেম্বৰৰ নিশা গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল ।

বৃহস্পতিবাৰে আদালতত হাজিৰ কৰোৱা হয় অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰি কেবা হাজাৰ লোকক প্ৰৱঞ্চনা বুলি অভিযোগ উত্থাপন হোৱা ৰঞ্জিত কাকতিক । বৃহস্পতিবাৰে আবেলি আদালতত হাজিৰ কৰোৱা ৰঞ্জিত কাকতিৰ জামিনৰ বাবে আবেদন কৰিছিল অধিবক্তাই । সন্ধিয়াপৰ্যন্ত আদালতে সমগ্ৰ বিষয়ত পৰ্যালোচনা কৰাৰ অন্তত ৰঞ্জিত কাকতিৰ জামিন আবেদন নাকচ কৰে । ডিব্ৰুগড় জিলা সত্ৰ ন্যায়াধীশ আদালতে নাকচ কৰে এই আবেদন ৷

উল্লেখ্য যে বৃহস্পতিবাৰে দিনৰ ভাগত ৰঞ্জিত কাকতিয়ে জামিন লাভ কৰা বুলি সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱা পিচতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । পৰৱৰ্তী সময়ত আদালতে জামিন আবেদন নাকচ কৰা বুলি জানিব পৰা যায় ৷

উল্লেখযোগ্য যে যোৱা ৩ ছেপ্টেম্বৰৰ নিশা ডিব্ৰুগড় চহৰৰ জীৱন ফুকন নগৰৰ পৰা ৰঞ্জিত কাকতি নামৰ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছিল ডিব্ৰুগড়ৰ সদৰ আৰক্ষীয়ে ৷ ৰঞ্জিত কাকতিৰ বিৰুদ্ধে ৩১৬/৩১৮ সংলগ্ন ২১/২৩ Banning of unregulated deposit scheme actৰ জৰিয়তে গোচৰ ৰুজু কৰি তদন্ত চলাইছে ডিব্ৰুগড় আৰক্ষীয়ে । ডিব্ৰুগড় সদৰ আৰক্ষীয়ে ৰঞ্জিত কাকতিক আটক কৰা পিচতে কেবাজনো ভুক্তভোগীয়ে সদৰ থানাত এজাহাৰ দাখিল কৰিছিল ৷ আনহাতে ৰঞ্জিত কাকতিৰ কেবাজনো সহযোগী বৰ্তমান পলাতক অৱস্থাত থকা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :প্ৰসংগ: Trading FX; অভিযুক্ত প্ৰৱঞ্চক প্ৰফুল্ল বৰাৰ টেঙাখাতৰ চৰকাৰী বাসগৃহত আৰক্ষীৰ অভিযান

চুমী বৰাৰ বৌৱেকৰ জামিন; নথি লুকুৱাই বৰ্খাস্ত হ’ল অসম চৰকাৰৰ অতিৰিক্ত লোক অধিবক্তা

অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাত অভিযুক্ত বিশাল ফুকনক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

ABOUT THE AUTHOR

...view details