ধুবুৰী, 3 ফেব্ৰুৱাৰী :সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰিনিৰ্বাচনী প্ৰচাৰ সভাত এআইইউডিএফ সাংসদ আজমলৰ টাৰ্গেট কেৱল কংগ্ৰেছ হোৱা পৰিলক্ষিত হ’ল । শেহতীয়াকৈদক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ হাটশিঙিমাৰীৰ খোপাতীয়া পাব্লিক হাইস্কুলত এ আই ইউ ডি এফে আয়োজন কৰে বিশাল গণ সমাৱেশৰ । এই সমাৱেশত কংগ্ৰেছ-বিজেপিক তীব্ৰ সমালোচনা কৰাৰ লগতে প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, তৰুণ গগৈকো সমালোচনা কৰা পৰিলক্ষিত হয় সাংসদ আজমলে ৷
দক্ষিণ শালমাৰা-মানকাচৰ জিলা এ আই ইউ ডি এফৰ সভাপতি নাজমুল আৰেফিনৰ সভাপতিত্বত অনুষ্ঠিত গণ সমাৱেশত মনিন হুছেইন ওৰফে মুন্নাই সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে । সভাখনত এ আই ইউ ডি এফ দলৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল, মানকাচাৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, দক্ষিণ শালমাৰা-মানকাচাৰ জিলা পৰিষদৰ সভানেত্ৰী মেৰিনা খানকে ধৰি এ আই ইউ ডি এফ দলৰ কেবা সহস্ৰাধিক দলীয় কৰ্মী-সমৰ্থক উপস্থিত থাকে ।