অসম

assam

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 8:29 PM IST

ETV Bharat / state

পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খোৱাকৈ প্ৰণয়ন কৰা হৈছে নতুন অপৰাধ আইন - New Criminal Law

New Criminal Law: তিনিখন নতুন অপৰাধমূলক আইন সন্দৰ্ভত মৰিগাঁৱত সজাগতা সভা । নতুন আইন প্ৰণয়নৰ ফলত ন্যায় প্ৰদান ব্যৱস্থা অধিক ক্ষীপ্ৰতৰ হ'ব বুলি উল্লেখ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ ।

Awareness meeting on three new criminal laws in Morigaon
নতুন অপৰাধমূলক আইন সন্দৰ্ভত সজাগতা অনুষ্ঠান (ETV Bharat Assam)

ধিং,২৯ জুন: মৰিগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত শনিবাৰে জিলা প্ৰশাসনৰ উদ্যোগত, জিলা আৰু সত্ৰ ন্যায়াধীশ, জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগত অনুষ্ঠিত হয় নতুন অপৰাধমূলক আইন সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ বৈঠক । ২০২৪ চনৰ পহিলা জুলাইৰ পৰা কাৰ্যকৰী হ’বলগীয়া নতুন অপৰাধমূলক আইন, "ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩" আৰু "ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩" ৰ বিষয়ে সভাত বিতংভাৱে আলোচনা কৰা হয় ।

নতুন অপৰাধমূলক আইন সন্দৰ্ভত সজাগতা অনুষ্ঠান (ETV Bharat Assam)

জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনত জিলা আয়ুক্তগৰাকীয়ে কয় যে এই অপৰাধমূলক আইনসমূহ পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খোৱাকৈ প্ৰণয়ন কৰা হৈছে । অপৰাধৰ পৃথিৱীখনত হোৱা ব্যাপক পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ বাবে এই আইনসমূহত পৰিৱৰ্তন অনাটো অতিকে প্ৰয়োজনীয় আছিল আৰু এই নতুন আইনে ন্যায় ব্যৱস্থাক যথেষ্ট শক্তিশালী কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

তেওঁ কয় যে এই নতুন আইন প্ৰণয়নৰ ফলত ন্যায় প্ৰদান ব্যৱস্থা অধিক ক্ষীপ্ৰতৰ হ'ব । সভাত আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে কয় যে অসম আৰক্ষীৰ বহুসংখ্যক বিষয়াই ইতিমধ্যে অপৰাধমূলক ফৰেনছিক বিজ্ঞানৰ প্ৰশিক্ষণ লাভ কৰিছে । নতুন আইন প্ৰণয়ন আৰু এনে আইনৰ অধীনৰ গোচৰসমূহৰ সৈতে মোকাবিলা কৰাৰ সময়ত আৰক্ষীয়ে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেই বিষয়ে ইতিমধ্যে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে । তেওঁ আশা কৰে যে এই আইন তিনিখনে ন্যায় প্ৰদান ব্যৱস্থাটোক এটা নতুন মাত্ৰা প্ৰদান কৰিব ।

নতুন আইনকেইখনত এনে কেতবোৰ ব্যৱস্থা ৰখা হৈছে য'ত ভুক্তভোগীয়ে ন্যায় পোৱাটো নিশ্চিত কৰা হৈছে আৰু অপৰাধমূলক ঘটনাৰ ক্ষেত্ৰত ডিজিটেল সাক্ষ্যকো গ্ৰহণ কৰাৰ ব্যৱস্থা ৰখা আছে । আইন তিনিখনে স্বচ্ছতা আৰু জবাবদিহিতাৰ লগতে ক্ষীপ্ৰ ন্যায় প্ৰদান সুনিশ্চিত কৰিব বুলি তেওঁ কয় । সভাত উপস্থিত থাকি মৰিগাঁও জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ বিদ্যুৎ মেধিয়ে তিনিওখন আইনৰ ক্ষেত্ৰত অনা পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰে ।

তেওঁ কয় যে ভুক্তভোগীৰ অধিকাৰ বিশেষকৈ মহিলা আৰু শিশুৰ ক্ষেত্ৰত এই তিনিওখন আইনত যথেষ্ট পৰিৱৰ্তন সাধন কৰা হৈছে । এই তিনিওখন আইনে শাস্তিৰ পৰিৱৰ্তে ন্যায়ৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিব আৰু ইয়াৰ লক্ষ্য হৈছে ক্ষীপ্ৰ ন্যায় প্ৰদান । এতিয়া ন্যায় ব্যৱস্থাত প্ৰযুক্তিৰ ব্যৱহাৰ অধিক হ'ব বুলিও তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰে ।

তেওঁ কয় যে এই আইনসমূহে ন্যায় প্ৰক্ৰিয়াক হেঁচামুক্ত কৰি তুলিব, য’ত ডিজিটেল সাক্ষ্যক ভৌতিক সাক্ষ্যৰ সমতুল্য হিচাপে গণ্য কৰা হ'ব । এতিয়া অপৰাধমূলক ন্যায় ব্যৱস্থা জনসাধাৰণৰ বাবে অধিক সুলভ হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে । সভাত অতিৰিক্ত জিলা আয়ুক্ত পল্লৱী কছাৰী, আৰক্ষী বিষয়াসকল, চক্ৰ বিষয়াসকল, সহকাৰী আয়ুক্তসকল আৰু ভালেসংখ্যক বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক:New Criminal Law: নতুন ফৌজদাৰী আইন বিধেয়ক সন্দৰ্ভত গৃহমন্ত্ৰীক সমালোচনা বিৰোধীৰ

ABOUT THE AUTHOR

...view details