গুৱাহাটী, ২১ আগষ্ট : অসম বিধানসভাৰ শৰৎকালীন অধিবেশন ২২ আগষ্ট অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ'ব । এই কথা ইতিমধ্যে অসম বিধানসভাৰ সচিবালয়ে এক অধিসূচনাৰ জৰিয়তে সদৰী কৰিছে । সেই অনুসৰি পঞ্চদশ অসম বিধানসভাৰ ২০২৪ বৰ্ষৰ শৰৎকালীন অধিবেশন কাইলৈৰ পৰা ৩০ আগষ্টলৈ অনুষ্ঠিত হ'ব ।
কোন দিনা কি কাৰ্যসূচী থাকিব ?
এই সন্দৰ্ভত আগবঢ়োৱা কাৰ্যসূচী অনুসৰি ২২ আগষ্ট বৃহস্পতিবাৰে প্ৰথম দিনৰ কাৰ্যসূচীত আছে মৃত্যু প্রসংগ, প্রশ্নসমূহ, ২০২৪ চনৰ শৰৎকালীন অধিবেশনৰ বাবে কাৰ্যসূচী স্থিৰ কৰি কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন সন্দৰ্ভত অধ্যক্ষৰ ঘোষণা, অসম বিধান সভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ ৯ (১) নিয়মৰ অধীনত সদন পৰিচালনাৰ বাবে মনোনীত সভাপতিসকলৰ নাম সন্দৰ্ভত অধ্যক্ষৰ ঘোষণা ।
লগতে আছে অধ্যাদেশসমূহ দাখিল কৰা, প্রতিবেদন,নিয়মাৱলী ইত্যাদি দাখিল,বিধানসভাৰ বিভিন্ন সমিতিৰ প্ৰতিবেদন উপস্থাপন,বিভিন্ন সমিতি,পৰিষদ আদিলৈ সদস্য নিৰ্বাচনৰ বাবে প্রস্তাৱ, ২০২৪-২৫ চনৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবী উপস্থাপন, চৰকাৰী বিধেয়কসমূহ উপস্থাপন আৰু অন্যান্য চৰকাৰী কার্যসূচী ।
অহা ২৭ আগষ্ট মঙলবাৰে আছে প্রশ্নসমূহ,সদস্যৰ সময়,বে-চৰকাৰী সদস্যৰ কার্যসূচী ক্রমে বিধেয়ক সমূহ,সংকল্প প্রস্তাৱসমূহ বিশেষ প্ৰস্তাৱ ইত্যাদি আৰু অন্যান্য চৰকাৰী কাৰ্যসূচী ।
২৮ আগষ্ট বুধবাৰে আছে প্রশ্নসমূহ,২০২৪-২০২৫ বৰ্ষৰ পৰিপূৰক মঞ্জুৰীৰ বাবে দাবীসমূহৰ ওপৰত আলোচনা আৰু ভোটদান । লগতে আছে ২০২৪-২৫ বৰ্ষৰ বাকী থকা পৰিপূৰক দাবী মঞ্জুৰীৰ ওপৰত ভোটদান, ২০২৪ চনৰ অসম বিনিয়োজন (নং ৩) বিধেয়ক উপস্থাপন, বিবেচনা আৰু পাৰিতকৰণ আৰু অন্যান্য চৰকাৰী কাৰ্যসূচী ।
অধিবেশনৰ ২৯ আগষ্ট বৃহস্পতিবাৰে প্ৰশ্ন সমূহ,চৰকাৰী বিধেয়কসমূহ উপস্থাপন,বিবেচনা আৰু পাতিকৰণ আৰু অন্যান্য চৰকাৰী কাৰ্যসূচী । আনহাতে,অন্তিম দিনৰ কাৰ্যসূচীত আছে প্রশ্নসমূহ, বে-চৰকাৰী সদস্যৰ কাৰ্যসূচী যেনে বিধেয়কসমূহৰ বিশেষ প্ৰস্তাৱ, সংকল্প প্ৰস্তাৱসমূহ ইত্যাদি, অন্যান্য চৰকাৰী কাৰ্যসূচী আৰু অনিৰ্দ্দিষ্ট কালৰ বাবে সদন স্থগিতকৰণ ।