যোৰহাট,৩ ছেপ্টেম্বৰ:অসমৰ বায়ু-পানী সেৱন কৰি, অসমৰ সম্পদ খনন আৰু সৰবৰাহ কৰি মুনাফা অৰ্জন কৰা বহিৰাগত কোম্পানীৰ দ্বাৰা পুনৰ অৱহেলিত তথা অনাদৃত হৈছে অসমীয়া ভাষা ৷ তৈলক্ষেত্ৰৰ ভিতৰত খিলঞ্জীয়া লোকসকলৰ মাজত প্ৰচলিত হৈ থকা অসমীয়া ভাষাত কথা পতাত বাধা দিয়া হৈছে বুলি ভয়ংকৰ অভিযোগ তুলিছে আটছাই ।
লগতে তৈল খনন কৰা প্ৰতিষ্ঠান মেক্সৰ অসম বিদ্বেষী কামকাজত ক্ষুব্ধ হোৱাৰ লগতে তেওঁলোকে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰা আৰু শ্ৰমিকক শোষণকে আদি কৰি বিভিন্ন বিষয়ক লৈ মঙলবাৰে আটছাই কোম্পানীটোৰ সকলো কামকাজ বন্ধ কৰি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ ফলত মেক্স কোম্পানীৰ বাহিৰে-ভিতৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।
আটছাৰ এই প্ৰতিবাদী কাৰ্যত সহযোগ কৰে মেক্স কোম্পানীত কৰ্মৰত খিলঞ্জীয়া লোকসকলে । আনহাতে আটছাই অভিযোগ কৰি পুনৰ কয় মেক্স নামৰ অইল কোম্পানীটোৱে অৱৈধভাৱে তেল সৰবৰাহৰ লগতো জড়িত আছে আৰু তেওঁলোকৰ উক্ত কাৰ্যত ৰাজনৈতিক শক্তিয়ে উৎসাহ যোগোৱা অভিযোগ তোলাৰ লগতে বাট-পথৰ উন্নয়নকে ধৰি বিভিন্ন মৌলিক সমস্যা সমাধানক লৈও পিঠি দি আছে তেওঁলোকে ।