গুৱাহাটী : বৰ্তমান সময়ত বৃদ্ধি পাবলৈ ধৰিছে হত্যা, হিংসা, ধৰ্ষণ ইত্যাদি ঘটনাবোৰ ৷ তেনেই সাধাৰণ বাতৰিৰ দৰে প্ৰতিদিনে সংবাদ শিৰোনাম দখল কৰিছে এনে খবৰে ৷ অপৰাধৰ ক্ষেত্ৰত বিশেষকৈ উত্তৰ-পূবৰ দুৱাৰমুখ তথা ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত প্ৰতিদিনে সংঘটিত হ’বলৈ ধৰিছে ন ন ঘটনা ৷
গুৱাহাটী মহানগৰীত প্ৰতিদিনে সংঘটিত হৈ আহিছে হত্যা, হিংসা, চুৰি- ডকাইতৰ দৰে ঘটনা । বিগত ২৬ ডিচেম্বৰত মহানগৰীৰ নাহৰনী পথত মৌচুমী গগৈৰ হত্যাকাণ্ড মাৰ নৌযাওঁতেই পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা । শুকুৰবাৰে মহানগৰীৰ ভেটাপাৰাত এগৰাকী মহিলাক ডিঙিত ছুৰীৰে আঘাত কৰি পলায়নৰ চেষ্টা এজন যুৱকৰ । ভেটাপাৰাৰ গোল্ডেন পথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ।
পৰৱৰ্তী সময়ত স্থানীয় লোকৰ তৎপৰতাত সংকটজনক অৱস্থাত আহত মহিলাগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় । ইফালে স্থানীয় ৰাইজে খেদি খেদি আটক কৰে অভিযুক্তক । ধৃত আক্ৰমণকাৰীটো আজুল হক বুলি জানিব পৰা গৈছে ।
গোল্ডেন পথেৰে বাইয়েকৰ সৈতে খোজকাঢ়ি আহি আছিল মহিলাগৰাকী । লগত আছিল দুই সন্তান । তেনে সময়তে যুৱকজনে মহিলাগৰাকীৰ ডিঙি ৰেপি হত্যাৰ চেষ্টা কৰে আৰু উক্ত স্থানৰ পৰা পলাবলৈ চেষ্টা কৰে । পিছত স্থানীয় ৰাইজে খেদি খেদি আটক কৰে যুৱকজনক । পৰৱৰ্তী সময়ত বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যায় আক্ৰমণকাৰী আজুলক ।