বিশ্বনাথ, ২৮ মে':এসময়ত সকলোৰে আপোন আছিল ৰঙা বাছখন । গ্ৰামাঞ্চলৰ লগতে চহৰতো সাধাৰণ লোকৰ মাজত সমানেই পৰিচিত আছিল অসম ৰাজ্যিক পৰিবহণ নিগমৰ এই ৰঙা বাছখন । বিভিন্ন কাৰণত এই ৰঙা বাছখনৰ প্ৰচলন বন্ধপ্ৰায় হোৱাত ৰাইজৰ মাজত হাহাকাৰ লাগে । নিৰ্দিষ্ট সময়ত যথাস্থানলৈ যোৱাৰ অন্য়তম মাধ্য়ম এই বাছখন হঠাতে নোহোৱা হোৱাত বিভিন্ন সময়ত প্ৰচলনৰ বাবে প্ৰতিবাদো চলিল ।
তাৰ পিচত গ্ৰামাঞ্চলৰ পৰা ৰঙা বাছখনৰ চলাচল হৈছিল যদিও শেহতীয়াভাৱে কিছু কিছু ঠাইত বন্ধ হোৱাত যাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । ৰাজ্য়ৰ বিভিন্ন ঠাইৰ লগতে বৰগাঙতো এই ৰঙা বাছখন বন্ধ হোৱাত বিপাঙত পৰিছে যাত্ৰীসকল ।
আপোনাৰ, মোৰ আপোন ৰঙা বাছখন নাই বৰগাঙত । যাৰ ফলত এতিয়া বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি বিহালী সমষ্টিৰ একমাত্ৰ বৰগাঙতেই অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানটোৰ পৰা এখন ৰঙা বাছ গুৱাহাটীলৈ চলাচল কৰিছিল । কিন্তু হঠাৎ সেই বাছখনৰ চলাচল বন্ধ হৈ পৰাত এতিয়া বিহালী সমষ্টিৰ ৰাইজে সমস্য়াৰ সন্মুখীন হ'বলগীয়া হৈছে ।